মহিলাক বিনামূলীয়া মেট্ৰ’ যাতায়তসেৱা প্ৰদানক লৈ কেজৰিৱাল চৰকাৰে দাখিল কৰা প্ৰস্তাৱ খাৰিজ কেন্দ্ৰীয় চৰকাৰৰ

ডিজিটেল ডেস্কঃ দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে মেট্ৰ’ ৰে’ল সেৱাত মহিলাক বিনামূলীয়া যাত্ৰা সেৱা উপলব্ধ কৰোৱা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰা প্ৰস্তাৱ খাৰিজ কৰা হৈছে৷ বৃহস্পতিবাৰে মোডী চৰকাৰে এই সন্দৰ্ভত আলোচনা কৰাৰ অন্তত দিল্লী চৰকাৰৰ এই প্ৰস্তাৱ আবেদন খাৰিজ কৰে৷
প্ৰস্তাৱ আবেদনখন খাৰিজ কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ব্যাখ্যা দাঙি ধৰি কয় যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালে মহিলাক বিনামূলীয়া মেট্ৰ’ ৰেল সেৱা প্ৰদান সন্দৰ্ভত যি প্ৰস্তাৱ দাখিল কৰিছিল, তাত যথেষ্ট ভুল ৰৈ গৈছে৷ সেইবাবেই বৰ্তমান এই প্ৰস্তাৱ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই সন্দৰ্ভত পৰৱৰ্তী সময়ত বিতংভাৱে আলোচনা কৰা হ’ব বুলিও দিল্লী চৰকাৰক আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে৷
উল্লেখ্য যে, নাৰী সৱলীকৰণৰ অধীনত দিল্লীৰ সকলো মেট্ৰ’ ৰে’ল সেৱাত মহিলাক যাতে বিনামূলীয়া যাত্ৰাসেৱা প্ৰদান কৰা হয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰস্তাৱ জনাইছিল অৰিবন্দ কেজৰিৱাল চৰকাৰে৷
The post মহিলাক বিনামূলীয়া মেট্ৰ’ যাতায়তসেৱা প্ৰদানক লৈ কেজৰিৱাল চৰকাৰে দাখিল কৰা প্ৰস্তাৱ খাৰিজ কেন্দ্ৰীয় চৰকাৰৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IRBoam
via IFTTT
Comments
Post a Comment