চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত হৰিশিঙাত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, টংলাঃ অসমৰ চাহ শ্ৰমিকসকলৰ জ্বলন্ত সমস্যাসমূহৰ প্ৰতি চৰকাৰে মাহীআইৰ দৃষ্টি দি অহাৰ প্ৰতিবাদত আৰু সমস্যাসমূহ অতি শীঘ্ৰে সমাধানৰ দাবীত বৃহস্পতিবাৰে অসম চাহ মজদুৰ সংঘৰ মঙলদৈ শাখাই টংলাস্থিত হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷

সংঘৰ সভাপতি পৱন নায়ক আৰু সম্পাদক তথা ৰাজ্যসভাৰ সদ্য প্ৰাক্তন সাংসদ শান্তিয়ুছ কুজুৰৰ নেতৃত্বত শাখাটোৰ অন্তৰ্গত কেইবাখনো চাহ বাগিছাৰ কেইবা শতাধিক পুৰুষ-মহিলা চাহ মজদুৰে হাতে হাতে নিজৰ দাবী সম্বলিত প্লে’কাৰ্ড, বেনাৰ লৈ বিভিন্ন শ্ল’গানেৰে টংলা নগৰত সমদল উলিয়াই হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সমবেত হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷

অসম চৰকাৰে চাহ শ্ৰমিকৰ নূন্যতম দৈনিক মজুৰি নিৰ্ধাৰণৰ বাবে গঠন কৰি দিয়া নূন্যতম মজুৰি নিৰ্ধাৰণ উপদেষ্টা সমিতিৰ কাৰ্যকাল ১৯ মাহ উকলি যোৱাৰ সময়তো মজদুৰসকলৰ নূন্যতম মজুৰি নিৰ্ধাৰণ কৰিব নোৱাৰা, চাহ মজদুৰ সকলৰ অন্তৰ্ৱৰ্তীকালীন মজুৰি ৩০ টকা বৃদ্ধিৰ ঘোষণা, ২০১৮ চনৰ পহিলা মাৰ্চৰ পৰা ৩১ জুলাইলৈ পাঁচ মাহৰ বকেয়া মজুৰি মোকলাই দিয়াৰ বাবে দিয়া নিৰ্দেশনাৰ ১১ মাহ উকলি যোৱাৰ পিছতো চাহ শ্ৰমিকসকলে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে৷

একেদৰে অসমৰ ক্ষুদ্ৰ চাহ বাগিছাসমূহত কৰ্মৰত চাহ মজদুৰ সকলক দৈনিক ২৪৪.৫৬ টকাকৈ মজুৰি নিৰ্ধাৰণ কৰি জাননী জাৰি কৰাৰো ১১ মাহ উকলি গ’ল যদিও আজিও সেই নিৰ্দেশনা অনুযায়ী চাহ শ্ৰমিকসকলে মজুৰি পাবলৈ সক্ষম নহ’ল বুলি প্ৰতবাদস্থলীত মজদুৰ সংঘৰ নেতাসকলে অভিযোগ কৰে৷ পিছত সংঘই ৰাজহ চক্ৰ বিষয়া ঋতুত্তম বৰাৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শ্ৰম মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি অতি শীঘ্ৰে অসমৰ চাহ শ্ৰমিকৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবী জনায়৷ অন্যথা ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ পন্থা হাতত লোৱাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে৷

The post চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত হৰিশিঙাত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FzL9bi
via IFTTT

Comments