আৰোগ্য ছোচাইটি আৰু গিভ গুৱাহাটী ফাউনডেচনৰ যৌথ উদ্যোগত মহানগৰীত বৃক্ষৰোপন কাৰ্য্যসূচী
ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী হাতীগাঁওস্থিত হাতীগাঁও হাইস্কুল প্ৰাঙ্গণত আজি স্বেচ্ছাসেৱী সংগঠন আৰোগ্য ছোচাইটি আৰু গিভ গুৱাহাটী ফাউনডেচনৰ যৌথ উদ্যোগত এখনি বৃক্ষৰোপন কাৰ্য্যসূচী অনুষ্ঠিত হৈ যায়৷ বিশেষকৈ উঠি অহা প্ৰজন্মৰ মাজত পৰিৱেশৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে স্কুলীয়া ছাত্ৰ-ছাত্ৰসকলক লগত ৰাখি বিদ্যালয় প্ৰাঙ্গণত বৃক্ষৰোপনৰ কাৰ্য্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে আৰোগ্য ছোচাইটিৰ প্ৰশাসনিক বিষয়া মহম্মদ আনোৱাৰে৷ অনুষ্ঠানত বৃক্ষৰোপনৰ প্ৰয়োজনীয়তা আৰু নাগৰিকৰ কৰ্তব্য সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশী ভাষণ প্ৰদান কৰে দৈনিক গণ অধিকাৰ কাকতৰ উপ সম্পাদক শাকিল আহমেদে লগতে আহমেদে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক অতি কমেওঁ নিজৰ প্ৰতিটো জন্মদিনত এজোপাকৈ গছ পুলি ৰোৱাৰ বাবে উৎসাহিত কৰে৷
স্বেচ্ছাসেৱী সংগঠন আৰোগ্য ছোচাইটি আৰু গিভ গুৱাহাটী ফাউনডেচনৰ এই ধৰণৰ বৃক্ষৰোপন তথা পৰিৱেশ সজাগতামূলক অনুষ্ঠানে অনাগত দিনত পৰিৱেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী তথা যুৱ প্ৰজন্মক বৃক্ষৰোপনৰ প্ৰতি অকৰ্ষিত কৰিব বুলি নিজৰ মত ব্যক্ত কৰে হাতীগাঁও হাইস্কুলৰ প্ৰধান শিক্ষয়ত্ৰি আভা বৰশইকীয়াই৷ প্ৰধান শিক্ষয়ত্ৰি গৰাকীৰ ভাষণৰ পূৰ্বে তেখেকত এখনি ফুলাম গামোচাৰে সন্বৰ্ধনা জনায় গিভ গুৱাহাটী ফাউনডেচনৰ সদস্য মোস্তফা ছামিমে৷ প্ৰতিকূল বতৰকো নেওঁচি আজিৰ এই বৃক্ষৰোপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা হাতীগাঁও হাইস্কুলৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পৃথিৱীখনক ৰক্ষাৰ কৰাৰ লগতে এখন সুস্থ সবল সমাজ গঢ়াৰ স্বাৰ্থত পৰ্যাপ্ত পৰিমাণে গছ পুলি ৰোপন কৰা বাবে সকলোকে অনুৰোধ জনায় গিভ গুৱাহাটী ফাউনডেচনৰ সদস্য তাবাচ্ছুম আমানে৷
The post আৰোগ্য ছোচাইটি আৰু গিভ গুৱাহাটী ফাউনডেচনৰ যৌথ উদ্যোগত মহানগৰীত বৃক্ষৰোপন কাৰ্য্যসূচী appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2RGM3Hy
via IFTTT
Comments
Post a Comment