উজানি-নামনিত বানৰ বিভীষিকা, জলমগ্ন শতাধিক গাঁও

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ জুন ঃ বিগত সপ্তাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উজনি অসমৰ লগতে নামনি অসমৰ কে’বাখনো জিলাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। বিশেষকৈ নামনি অসমত বানে কালৰূপ ধাৰণ কৰাৰ ফলত আশ্ৰয়হীন হৈ পৰিছে হাজাৰ হাজাৰ পৰিয়াল। ফেনে-ফোটোকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈসমূহৰ বাঢ়নী পানীৰ ফলত বুৰ গৈছে সহস্ৰাধিক পৰিয়ালৰ বাসগৃহ। কালদিয়া আৰু মৰাপাগলাদিয়া নৈৰ বাঢ়নী বানীয়ে বাক্সা জিলাৰ উপৰি গোৱালপাৰা, কামৰূপ (গ্ৰাম্য), বৰপেটা আৰু নলবাৰী জিলাৰ বিস্তীৰ্ণ এলেকা বানৰ কবলত পৰিছে। যাৰ ফলত কৃষিপথাৰ, পশুধন ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। ইফালে পাগলাদিয়া নৈৰ খহনীয়াত অৰ্ধশতাধিক পৰিয়াল গৃহহীন হৈছে। জানিব পৰা মতে বাক্সা জিলাৰ মুছলপুৰত বানৰ কবলত পৰি কালি এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। বানে হাজাৰ হাজাৰ পৰিয়ালক আশ্ৰয়হীন কৰি তোলাৰ উপৰি বহু হেক্টৰ কৃষিভূমি বানত প্লাৱিত হৈছে। মূৰৰ ঘাম মাটিত পেলাই কৃষকে সপোন ৰচিছিল, কিন্তু শেহতীয়া বানে সকলোৰে সপোন থানবান কৰি পেলালে। বানে হাজাৰ হাজাৰ কৃষিভূমি বিনষ্ট কৰাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে কৃষকসকল।

নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ ব্যাপক হাৰত বৃদ্ধি পাইছে। ইফালে বৰপেটাৰ সৰুক্ষেত্ৰীত পহুমৰা নদীৰ ওপৰত থকা সাঁকোৰ এটা অংশ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। মূলতঃ নামনি অসমৰ কে’বাখনো জিলাত এতিয়া বানে তাণ্ডৱ সৃষ্টি কৰিছে। কলগাছিয়াৰ মইনবড়ীত আই আৰু মানাহ নদীৰ বিধবংসী খহনীয়াত প্ৰায় শতাধিক পৰিয়ালৰ ভেটি উছন হৈছে। প্ৰতিমুহূৰ্তত বানে গৃহহীন কৰিছে এটাৰ পিছত এটাকৈ পৰিয়ালক। বছৰটোৰ প্ৰথমটো বানত মূলতঃ উজনি আৰু নামনি অসমত একপ্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মন কৰিবলগীয়া যে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত হাজোৰ একাদি-বৰক্ষেত্ৰী সংযোগী কাঠৰ দলংখন বাঢ়নী পানীয়ে উটুৱাই নিছে। বৰক্ষেত্ৰী সমষ্টিৰ লগতে পোনপটীয়া উক্ত পথছোৱা বন্ধ হৈ পৰাত দৈনিক অহা-যোৱা কৰা জনসাধাৰণৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল ব্যাপক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ একাদি, দক্ষিণ শিংৰা, বৰদল আৰু বৰক্ষেত্ৰী সমষ্টিৰ কে’বাখনো গাঁৱৰ জনসাধাৰণৰ যাতায়াত ব্যাহত হৈ পৰিছে। বজালী মহকুমাৰ পহুমৰা আৰু কালদিয়া নৈৰ বাঢ়নী পানীয়ে কে’বাখনো গাঁও জলমগ্ন কৰিছে।

কালদিয়া নৈৰ বাঢ়নী পানীয়ে দক্ষিণ বজালীৰ হেলনা, বনগাঁও, বৰগাংডুবি, জালিখুঁটা আদি অঞ্চলত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। পাটাছাৰকুছি সমষ্টিৰ বনগাঁৱত বহুকেইটা পৰিয়ালৰ বাসগৃহ বুৰাই পেলাইছে। বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা-কাৰ্যালয় বানৰ কবলত পৰিছে। ৰিহাবাৰী, উলুৱা, মৰিপুৰ, নিত্যানন্দ, বদনকুছি আদি গাঁওসমূহতো বানৰ সংহাৰী মূৰ্তি অব্যাহত আছে। মৰাপাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে টিহু মহকুমাৰ ন ন অঞ্চল প্লাৱিত কৰিছে। বৃহত্তৰ অঞ্চলটোৰ বালি-হাৰিভাংগা, বৰপীত, পশ্চিম বৰপীত, ভোজকুছি, ক্ষেত্ৰাপাৰা, বালাবৰি, পশ্চিম ক্ষেত্ৰাপাৰা, ঘোপা, কেন্দুবাৰী, বাথানৰটাৰী, কাউৰেহাগী আদি গাঁৱৰ কৃষিভূমি বানে বুৰাই পেলোৱাত কঠীয়া, শাক-পাচলিৰ বিস্ত´ৰ ক্ষতি হোৱাত কৃষক ৰাইজে মূৰে-কপালে হাত দিবলগীয়া হৈছে। নামনিৰ সমান্তৰালকৈ উজনি অসমৰ ধেমাজি, লখিমপুৰতো বাঢ়নী পানীয়ে সন্ত্ৰাস সৃষ্টি কৰিছে।

বিগত এসপ্তাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জীয়াঢল নদীৰ বাঢ়নী পানীয়ে ধেমাজিৰ অৰ্ধশতাধিক গাঁও বুৰাই পেলাইছে। উল্লেখ্য যে ২০০৭ চনৰ পৰা উন্মুক্ত হৈ থকা জীয়াঢলৰ বাঁও পাৰৰ মথাউৰিৰ দিহিৰিৰ ছিগা অংশৰে সোমোৱা পানীয়ে ধেমাজিৰ ভজোৱা গাঁও, কেঁকুৰী, জালভাৰী, হেচুলি, ৰংপুৰীয়া, শালমাৰী, পাভমাৰী, দুই নং ঘাঁহিগাঁও আদি গাঁওসমূহ সম্পূৰ্ণৰূপে বুৰাই পেলোৱাৰ লগতে দিহিৰি চাপৰি, দুই নং চাংমাৰি দলনি, দিহিৰি কছাৰী, দিহিৰি মিছিং, নামনি কেঁকুৰী, মাজ কেঁকুৰী, উজনি, উজনি কেঁকুৰী, কেঁকুৰী চাপৰি, তিনিঘৰীয়া, বৰ মথাউৰি, টেকজুৰি চাপৰি আদিকে ধৰি অৰ্ধশতাধিক গাঁৱত জীয়াঢলৰ বানে তাণ্ডৱ চলাইছে। বানপানীৰ ফলত বহু পশুধন উটি যোৱাৰ লগতে বহু পশুধন মথাউৰি আৰু ৰাস্তাত অনাহাৰে থাকিব লগা হৈছে। উল্লেখিত গাঁওসমূহত ধেমাজি জিলা প্ৰশাসনে বান সাহাস্যৰ লগতে উদ্ধাৰ অভিযানৰ নামত কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে বানপীড়িত ৰাইজে।

বানত ভজো গাঁৱত থকা নআলি জ্ঞানজ্যোতি প্ৰাথমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদ বুৰ গৈছে। সমান্তৰালভাৱে লখিমপুৰৰ কাকৈ নৈৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাত নদীখনৰ দাঁতিকাষৰীয়া কদমিয়াল বঙালী, বাঁহবাৰী, নভঙনীয়া, বালিগাঁও, দুই নং পুঠিমাৰী গাঁও জলমগ্ন হৈ পৰিছে। কালি পুৱাৰে পৰা কদমিয়াল বাঙালী গাঁৱৰ প্ৰায় অৰ্ধ শতাধিক পৰিয়াল, বাঁহবাৰীৰ ২০টা পৰিয়াল, নভঙনিয়াৰ ১৭টা পৰিয়াল, বালিগাঁৱৰ ১০টা পৰিয়াল আৰু দুই নং পুঠিমাৰীৰ অৰ্ধ শতাধিক পৰিয়াল কাকৈৰ বাঢ়নী পানীত আবদ্ধ হৈ পৰাৰ লগতে অঞ্চলকেইটাৰ বহু কঠীয়াতলী বালিত পোত যায়। আনহাতে কাকৈ নদী আৰু গমন নদীৰ বাঢ়নী পানীয়ে সমগ্ৰ বাঁহবাৰী অঞ্চল জলমগ্ন কৰি তোলে।

একেদৰে শিঙৰা নদীৰ সংহাৰী বানে ৰঙানদী পঞ্চায়ত এলেকাৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলায়। নদীখনে গঁড়ছিঙা, শালমাৰাৰ বৃহৎ অঞ্চলৰ সুৰক্ষা কৱচ স্বৰূপ বান্ধটো ছিঙাত দহখনৰো অধিক গাঁৱত হাহাকাৰৰ সৃষ্টি হৈছে। জোনাই মহকুমাৰ অন্তৰ্গত তথা মহাবাহুৰ বুকুত অৱস্থিত নদীদ্বীপ কবু চাপৰিৰ সিংহভাগ অঞ্চল চিয়াং-ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। মূলতঃ উজনি আৰু নামনি অসমৰ সংহাৰী বানে শতাধিক গাঁও জলমগ্ন হৈ পৰিছে।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )

The post উজানি-নামনিত বানৰ বিভীষিকা, জলমগ্ন শতাধিক গাঁও appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2FHukeu
via IFTTT

Comments