চুৰি কৰাৰ সন্দেহঃ ২ বন্ধুৰ হাতত প্ৰাণ গ’ল নীতিনৰ…

ডিজিটেল ডেস্কঃ দিল্লীত বন্ধুক হত্যা কৰা দুই কিশোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ৩ দিন ধৰি পলায়ন কৰি থকা অপৰাধী কিশোৰ দুজনক শনিবাৰে আনন্দ বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, ধৃত কিশোৰ দুজনে বুধবাৰে আনন্দ বিহাৰৰ চুৰিমত চুৰীকাঘাতেৰে হত্যা কৰিছিল এজন বন্ধুক।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নীতিন নামৰ হত্যাৰ বলি হোৱা কিশোৰজনৰ সৈতে বুধবাৰে কাজিয়াত লিপ্ত হৈছিল দুই বন্ধু ক্ৰমে সত্যেন আৰু ৰিয়াজ। কাজিয়াৰ কাৰণ আছিল নীতিনৰ ওচৰত থকা ১০ হাজাৰ টকা। নীতিনে সেই টকাখিনি কাৰোবাৰ পৰা চুৰি কৰি অনাৰ সন্দেহ কৰিছিল বন্ধু দুজনে।

এই বিষয়ে সত্যেন আৰু ৰিয়াজে নীতিনক সোধাত নীতিনে তাৰ লগত থকা টকাখিনি দেউতাকে দিয়া বুলি কয় যদিও সেয়া মানি ল’বলৈ অমান্তি হয় দুই বন্ধু। যাৰ ফলত লাহে লাহে তিনিওৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু এসময়ত সত্যেন আৰু ৰিয়াজ নামৰ কিশোৰ দুজনে চুৰীৰে আঘাত কৰি হত্যা কৰে নীতিনক। ইয়াৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত দুজনে।

আনহাতে এই সন্দৰ্ভত নীতিনৰ পৰিয়ালে আৰক্ষীৰ ওচৰত দুয়োজন কিশোৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাত আৰক্ষীয়ে অনুসন্ধান চলাই শনিবাৰে দুয়োজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

The post চুৰি কৰাৰ সন্দেহঃ ২ বন্ধুৰ হাতত প্ৰাণ গ’ল নীতিনৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xlGrJM
via IFTTT

Comments