ঘৰত সোমাই বলাৎকাৰৰ চেষ্টা যুৱতীক, বাধা দিয়াত চুলি খুৰাই দিলে মাতৃ-কন্যাৰ

ডিজিটেল ডেস্কঃ বিহাৰৰ বৈশালী জিলাৰ ভগৱানপুৰত এটি পৰিয়ালৰ বাসগৃহত প্ৰৱেশ কৰি দুস্কৃতিকাৰীয়ে পৰিয়ালটোৰ এগৰাকী যুৱতীৰ ওপৰত নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে৷ আনহাতে যুৱতীগৰাকী আৰু মাতৃয়ে এই কাৰ্যৰ বিৰোধ কৰাত দুস্কৃতিকাৰীয়ে মাতৃ-কন্যা দুয়োৰে মুণ্ডন কৰোৱায়৷
ভগৱানপুৰ আৰক্ষী চকীৰ ভাৰাপ্ৰাপ্ত আৰক্ষী বিষয়াজনে জানিবলৈ দিয়া মতে এই ঘটনা সংঘটিত হয় বুধবাৰে নিশা৷ বুধবাৰে নিশা ৱাৰ্ড মেম্বাৰ খুৰ্ছিদে দুজন সহযোগীৰ সৈতে পৰিয়ালটোৰ ঘৰত প্ৰৱেশ কৰি যুৱতীগৰাকীক বলাৎকাৰৰ চেষ্টা চলায়৷ কিন্তু যুৱতীগৰাকী আৰু মাতৃয়ে এনে কাৰ্য নকৰিবলৈ কাকুতি কৰাত অৱশেষত নাপিত মতাই আনি দুয়োৰে চুলি খুৰাই পেলায় ৱাৰ্ড মেম্বাৰজনে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত ৱাৰ্ড মেম্বৰজনসহ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও বাকী এজন এতিয়াও পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে, দুদিন পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল উত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ চান্দপুৰ গাঁৱত৷ গাঁওখনৰ এজন কুখ্যাত অপৰাধীয়ে একে গাঁৱৰে এগৰাকী যুৱতীৰ সৈতে বলপূৰ্বক সম্বন্ধ স্থাপন কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু যুৱতীগৰাকীৰ পৰিয়ালে তাৰ বিৰোধিতা কৰাত অপৰাধীজনে পৰিয়ালটোক গাড়ীৰে মহতিয়াই নিয়ে৷ যাৰ ফলত পৰিয়ালটোৰ দুগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয়৷
The post ঘৰত সোমাই বলাৎকাৰৰ চেষ্টা যুৱতীক, বাধা দিয়াত চুলি খুৰাই দিলে মাতৃ-কন্যাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Nr0ssW
via IFTTT
Comments
Post a Comment