বীৰ শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, প্ৰদান কৰিলে ২০ লাখ টকাৰ চেক

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ জম্মু-কাশ্মীৰৰ অনন্তনাগৰ কে পি ৰোডত পাক সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত মৃত্যু বৰণ কৰা চি আৰ পি এফৰ ১১৬নং বেটেলিয়নৰ সহঃ উপ-পৰিদৰ্শক(এ এছ আই) বীৰ শ্বহীদ নিৰোদ শৰ্মাৰ নলবাৰী জিলাৰ বৰমাৰ নিকটৱৰ্তী দহকাউনীয়া গাঁওস্থিত গৃহত বৃহস্পতিবাৰে (২৮ জুনত) অনুষ্ঠিত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম চৰকাৰৰ কেবাগৰাকীও মন্ত্ৰী, বিধায়ক সহিতে  অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালে।

বীৰ শ্বহীদ গৰাকীৰ  প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পিছতেই সাংবাদিক ভাৰত ৰাজবংশী আৰু নয়ন শৰ্মাৰ সম্পাদনাত প্ৰস্তুত কৰি উলিওৱা “তৰ্পণ” শীৰ্ষক স্মৰণিকা উন্মোচন কৰি ভাষণ প্ৰসংগত তেও   আমাৰ নৱ প্ৰজন্মই যাতে দৃঢ়তাৰে সমাজৰ হৈ আৰু ৰাষ্ট্ৰৰ বাবে কাম কৰি যায় আৰু সততা নিষ্ঠাৰে সমাজত সকলো সময়তে নিজৰ সৰ্ব্বোচ্চ ত্যাগ কৰিবলৈ প্ৰস্তুত থাকে তাৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্রী গৰাকীয়ে বীৰ শ্বহীদ নিৰোদ শৰ্মাৰ পত্নী-কন্যাসহ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে ৰাজ্যৰ চৰকাৰৰ ২০ লাখ টকাৰ চেক এখন প্ৰদান কৰে।

উক্ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগতে অসমৰ জলসিঞ্চন মন্ত্রী ভৱেশ কলিতা, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্যবাহী ডা০ উমেশ চক্ৰৱৰ্তী, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম, লাহোৱাল সমষ্টিৰ বিধায়ক ৰিতুপৰ্ণ শৰ্মা, বিটিএডিৰ ইএম আনচুমৈ খুংগুৰ বড়ো, নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীকে আদি কৰি প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া আৰু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নলবাৰী কাৰ্যবাহ নিৰঞ্জণ বৰ্মনে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বৰমা শংকৰদেৱ শিশু নিকেতনৰ ছাত্র-ছাত্রী আৰু নলবাৰী বেদ বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে গীতা শ্লোক পাঠ কৰে। সভাৰ পূৰ্বে চি আৰ পি এফৰ উচ্চ পদস্থ বিষয়া পি চি চৌহানে পৰিয়ালটোলৈ আৰ্থিক অনুদান প্ৰদান কৰে।

The post বীৰ শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, প্ৰদান কৰিলে ২০ লাখ টকাৰ চেক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2KL15vi
via IFTTT

Comments