অন্ধ্ৰৰ মুখ্যমন্ত্ৰীয়ে বাসগৃহত নিৰ্মাণ কৰিব হেলিপেড, খৰছ হ’ব ৬.৮৯ কোটি

ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে শাসন লাভ কৰি গ্ৰহণ কৰা সিদ্ধান্তবোৰে এফালে তেওঁৰ কৰ্ম উদ্যম প্ৰতিফলিত কৰা বুলি চৰ্চা চলিলেও আনফালে তেওঁৰ স্বৈৰাছাৰী আচৰণৰ প্ৰকাশ ঘটোৱা বুলিও সমালোচিত হৈছে। কিছু দিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ বাসগৃহ ভাঙি পেলোৱাৰ বাবে নিৰ্দেশ জাৰি কৰাৰ পিছত এইবাৰ তেওঁ নিজৰ বাসগৃহত হেলিপেড নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছে। যাৰ বাবে ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা ১.৮৯ কোটি টকা জাৰি কৰাও হৈছে।
জানিব পৰা মতে, মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ গুন্টুৰত থকা বাসগৃহত হেলিপেডৰ লগতে পথ নিৰ্মাণ, সুৰক্ষা আদিৰ বাবে মুঠ ৬.৮৯ কোটি টকা চৰকাৰী ধন জাৰি কৰা হৈছে। প্ৰকাশিত অধিসূচনা অনুসৰি ইয়াৰে ৪০ লাখ টকা হেলিপেড নিৰ্মাণৰ বাবে, ৭৫ লাখ টকা বেৰিকেড নিৰ্মাণৰ বাবে, ৩০ লাখ টকা আৰক্ষী বেৰেক নিৰ্মাণৰ বাবে, ৩১ লাখ টকা নিৰাপত্তা চাউনীৰ বাবে আৰু ১৩ লাখ টকা গাৰ্ড ৰুমৰ বাবে ব্যয় কৰা হ’ব। ইয়াৰ উপৰিও জগম মোহন ৰেড্ডীৰ বাসগৃহৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ সংলগ্ন পথটোৰ নিৰ্মাণৰ বাবে ৫ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে।
উল্লেখ্য যে, শাসনলৈ আহিয়েই মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ ‘প্ৰজ্ঞা বেদিকা’ নামৰ বাসগৃহটো ভঙাৰ নিৰ্দেশ দিছিল। এই নিৰ্দেশৰ পিছতে ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহৰ কিছু অংশ ভঙাৰ কাম আৰম্ভ কৰা হৈছে। আনহাতে যি ঠাইত চন্দ্ৰবাবু নাইডুয়ে তেওঁৰ সতীৰ্থ নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈছে, সেই বাসগৃহটোও ইতিমধ্যে ভাঙি পেলোৱা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত।
The post অন্ধ্ৰৰ মুখ্যমন্ত্ৰীয়ে বাসগৃহত নিৰ্মাণ কৰিব হেলিপেড, খৰছ হ’ব ৬.৮৯ কোটি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XJDD89
via IFTTT
Comments
Post a Comment