মুখত হুইচেল নহয়, হাতত বেলচা লৈ মহানগৰীত পথ নিৰ্মাণ কৰিলে যান বাহন আৰক্ষীয়ে…

ডিজিটেল সংবা, গুৱাহাটীঃ স্মাৰ্ট চিটি ঘোষিত গুৱাহাটী মহানগৰীত ৰাজপথৰ দূৰবস্থাত জ্বলাকলা খাইছে মহানাগৰিকে। ৰাজপথৰ মাজত সৃষ্টি হোৱা গাঁতে এতিয়া দুৰ্ঘটনা জ’নত পৰিণত হৈছে। যাৰ বাবে অসুবিধাত পৰিছে সকলো লোক। মহানগৰীৰ খানাপাৰাৰ ৰাজপথৰ দূৰবস্থা চাই থাকিব নোৱাৰিলে যানবাহন আৰক্ষীয়েও। শুকুৰবাৰে কৰ্তব্যৰত যানবাহন আৰক্ষীয়ে মেৰামতি কৰিলে পথ।

হাতত বেলচা লৈ আৰক্ষীয়ে বালি শিলেৰে পথৰ গাঁত পুতি মেৰামতি কৰা দেখা যায়। ইফালে আৰক্ষীয়ে লোৱা এই পদক্ষেপক পথচাৰী তথা বাহনৰ চালকসকলেও প্ৰশংসা কৰে।

আৰক্ষীয়ে কৰ্তব্যৰ মাজতে নিজ হাতেৰে পথৰ মেৰামতি কৰা এই কাৰ্যই লাভ কৰিছে বিশেষ চৰ্চা। আৰক্ষী বিভাগৰ লোকসকলে লোৱা এনে পদক্ষেপে গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে আৰক্ষী বিভাগো যে অসন্তুষ্ট সেই কথাকে প্ৰমাণ কৰিছে।

The post মুখত হুইচেল নহয়, হাতত বেলচা লৈ মহানগৰীত পথ নিৰ্মাণ কৰিলে যান বাহন আৰক্ষীয়ে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XuDeX1
via IFTTT

Comments