হৃদযন্ত্ৰ ৰোগে গুৱাহাটীত ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছেঃ মহানগৰীৰ চিকিৎসক

ডিজিটেল সংবাদ, গুৱাহাটীঃ সৰ্বাধিক হৃদযন্ত্ৰৰ ৰোগৰ বাবে উদ্বিগ্ন হৈ পৰিছে মহানগৰীৰ হৃদৰোগ বিশেষজ্ঞসকল৷ চিকিৎসকসকলৰ মতে, গুৱাহাটীৰ ৪০-৫০ শতাংশ নাগৰিকে অত্যধিক মাত্ৰাৰ বেয়া কলেষ্ট্ৰলৰ সৈতে জীৱন নিৰ্বাহ কৰি আছে৷ যি পোনপটীয়াভাৱে হৃদযন্ত্ৰৰ বিভিন্ন ৰোগ, যেনে- হাৰ্ট ফেইলৰ বা এটেকৰ সৈতে জড়িত৷ অত্যধিক পৰিমাণে বেয়া কলেষ্ট্ৰল থকাৰ পাছতো মানুহে জ্ঞাতসাৰে বা অজ্ঞাতভাৱে ইয়াক অৱজ্ঞা কৰে৷ ষ্টেটিনৰ দৰে দৰৱ উপলব্ধ, যিয়ে কাৰ্যক্ষমভাৱে বেয়া কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰে আৰু স্বাস্থ্যকৰ জীৱন যাপন কৰাত সহায় কৰে৷ আনহাতে কলেষ্ট্ৰলৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ শাৰীৰিক অনুশীলনেই হৈছে সৰ্বোত্তম উপায়৷ ইয়াৰ উপৰি, সম্প্ৰতি কম বয়সীয়া পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰতে হাৰ্ট এটেকে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷
জিএনআৰচি হাস্পতাল, দিছপুৰৰ কাৰ্ডিঅ’লজী কনছালটেণ্ট ডাঃ বিপুল পালে কয় যে, ‘‘আমি সাধাৰণতে হাৰ্ট এটেকত আক্ৰান্ত হোৱা বুলি ক’লে ৬০বছৰীয়া এজন ব্যক্তিৰ কথাই মনলৈ আনোঁ, যিয়ে বুকুৰ বিষ অনুভৱ কৰে৷ কিন্তু বৰ্তমান বয়সেৰে ৩০-৪০ৰ ঘৰত থকা পুৰুষ বা মহিলাকো হৃদযন্ত্ৰৰ ৰোগে আক্ৰান্ত কৰা দেখা যায়৷ ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ গতিহীন জীৱন প্ৰণালী, শাৰীৰিক অনুশীলনৰ অভাৱ, তেল আৰু জাংক ফুড গ্ৰহণ৷ অত্যধিক বেয়া কলেষ্ট্ৰলৰ মাত্ৰাই মহানগৰীৰ বাসিন্দাসকলৰ মাজত ৰক্তকোশিকা বন্ধ হোৱাৰ ফলত হোৱা ৰোগ, যেনে- হাৰ্ট এটেক, হাৰ্ট ফেইলাৰ বা অন্যান্য ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি কৰিছে৷ অত্যধিক মাত্ৰাত কলেষ্টেৰত থকা লোকসকলে এটা স্বাস্থ্যকৰ জীৱন মানি চলাটো প্ৰয়োজনীয়, য’ত আছে স্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ সমান্তৰালভাৱে নিয়মীয়া শাৰীৰিক অনুশীলন৷ আনহাতে, উচ্চ মাত্ৰাৰ কলেষ্ট্ৰল ৰোধ কৰিবৰ বাবে কিছুমান দৰৱো আছে, যেনে- ষ্টেটিন, যি হৃদযন্ত্ৰৰ ৰোগত ভুগি থকা ৰোগীৰ ক্ষেত্ৰত অত্যধিক মাত্ৰাৰ কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰাৰ ক্ষেত্ৰত অতি উপযোগী৷’’
এজন প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত স্বাভাৱিক কলেষ্ট্ৰলৰ মাত্ৰা হৈছে ২০০ মিঃগ্ৰাঃ/ডিএল-তকৈ কম, ২০০ মিঃগ্ৰাঃ/ডিএলৰ পৰা ২৪০ মিঃগ্ৰাঃ/ডিএল হৈছে ব’ৰ্ডাৰলাইন হাই৷ আনহাতে ২৪০মিঃগ্ৰাঃ/ডিএলতকৈ যদি কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি হয়, তেন্তে সেই ব্যক্তিজন হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা দুগুণে বৃদ্ধি হয়৷ ২০১৬ চনৰ লেনচেটৰ প্ৰতিবেদন অনুসৰি, ৫৪.৫ নিযুত ভাৰতীয় হৃদৰোগত আক্ৰান্ত আৰু ভাৰতৰ মুঠ মৃত্যুৰ ২৮ শতাংশই হয় হৃদৰোগত৷ শেহতীয়াভাৱে হৃদৰোগৰ বোজা ৰাজ্যখনত বৃদ্ধি হৈছে প্ৰায় ১৫ শতাংশ৷
ডাঃ নীলাক্ষি ডেকা দাস, কনছালটেণ্ট এণ্ড’ক্ৰাইন’ল’জী, এপ’ল’ হাস্পতাল আৰু দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হ’মৰ মতে, “কাৰ্ডিঅ’ভাছকুলাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ মহালগৰীৰ পুৰুষ আৰু মহিলাৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কলেষ্ট্ৰলৰ উচ্চ মাত্ৰা ডায়েবেটিছৰ সৈতেও জড়িত। যিসকল ব্যক্তি ডায়েবেটিছত আক্ৰান্ত, তেওঁলোকৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকাও বেছি। ডায়েবেটিছত আক্ৰান্ত লোকসকলৰ অত্যধিক মাত্ৰাৰ বেয়া কলেষ্ট্ৰল (এলডিএল) আৰু ট্ৰাইগ্লিচাৰাইড বৃদ্ধি হোৱাৰ আশংকা থাকে আৰু সমান্তৰালভাৱে ভাল কলেষ্ট্ৰলৰ (এইছডিএল) মাত্ৰা হ্ৰাস পায়। অত্যধিক মাত্ৰাৰ কলেষ্ট্ৰলত আক্ৰান্তসকলৰ বাবে ষ্টেটিনছ হৈছে কাৰ্যকৰী শুশ্ৰূষা। উচ্চ মাত্ৰাৰ কলেষ্ট্ৰল ৰোধ আৰু হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্তসকলৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত ষ্টেটিন উপযোগী হিচাপে প্ৰমাণিত হৈছে।”
কাৰ্ডিঅ’ভাছকুলাৰ ৰোগ হৈছে ভাৰতত মৃত্যুৰ অন্যতম কাৰক আৰু ইয়াৰ আঁৰত আছে অত্যধিক মাত্ৰাৰ কলেষ্ট্ৰল। ২০১৮ চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। আন্তৰ্জাতিক প্ৰতিষ্ঠানটোৱে হাৰ্ট এটেক আৰু ফেইলৰৰ দৰে অসংক্ৰামক ৰোগ ২০২৫ চনৰ ভিতৰত ২৫ শতাংশ হ্ৰাস কৰিবলৈ এক লক্ষ্য নিৰ্ধাৰণ কৰিছে। সমান্তৰালভাৱে উচ্চ মাত্ৰাৰ কলেষ্ট্ৰল বেয়া প্ৰভাৱ সম্পৰ্কে জনতাক সাক্ষৰ কৰি তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী উন্নত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

The post হৃদযন্ত্ৰ ৰোগে গুৱাহাটীত ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছেঃ মহানগৰীৰ চিকিৎসক appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2KLCxm5
via IFTTT

Comments