বজ্ৰপাতৰ ফলত বিহাৰত ৩০জনৰো অধিক নিহত…

ডিজিটেল ডেস্কঃ বিহাৰৰ বিভিন্ন প্ৰান্তত যোৱা ২৪ ঘণ্টাৰ ভিতৰত বজ্ৰপাতৰ ফলত প্ৰায় ৩০জনৰো অধিক লোকে হেৰুৱাই প্ৰাণ। বিহাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এগৰাকী বিষয়াই বৃহস্পতিবাৰে কয় যে- ৰাজ্যখনৰ বিভিন্ন স্থানত বজ্ৰপাতৰ ফলত ৩০জনৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
বিভাগটোৱে জনোৱা মতে, বজ্ৰপাতৰ ফলত ভাগলপুৰত ৬জন, বেগুছৰাইত ৪জনৰ মৃত্যু হয়। তদুপৰি সহৰছা, পুৰ্ণিয়া, অৰৰিয়া, জমুই, দৰভংগা, মধোপুৰা, খগড়িয়া, কটিহাৰ, মধুবনী, পূব চম্পাৰণ, শিৱহৰ, নৱাদা আৰু গয়া এলেকাত বজ্ৰপাতৰ ফলত বহুকেইজন লোকে মৃত্যুক সাৱতিব লগা হৈছে।
ইফালে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বজ্ৰপাতৰ ফলত ৩০জনকৈ লোকৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিহতসকলৰ পৰিয়ালক ৪লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা কৰে। উল্লেখ্য যে, ২১ জুনত বিহাৰৰ বিভিন্ন অঞ্চলত বজ্ৰপাতৰ ফলত ১২জনৰো অধিক লোকৰ মৃত্যু হৈছিল।
The post বজ্ৰপাতৰ ফলত বিহাৰত ৩০জনৰো অধিক নিহত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2X4wdaZ
via IFTTT
Comments
Post a Comment