নগাঁৱৰ জুৰিপাৰ পঞ্চায়তত বিজেপি কৰ্মীৰ মইমতালি, পথ নিৰ্মাণৰ লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ

ডিজিটেল সংবাদ, কামপুৰঃ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিপাৰ গাঁও পঞ্চায়তত উন্নয়নৰ নামৰ একাংশ বিজেপি নেতাই চূড়ান্ত মইমতালিৰে উন্নয়নক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি এম জি এনৰেগাৰ কামত ব্যাপক অনিয়ম সংঘটিত কৰি আহিছে একাংশ বিজেপি নেতা-কৰ্মীয়ে। আনহাতে এই অভিযোগৰ আঙুলি উত্থাপন হৈছে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ সংগী ফৰিদ উদ্দিন তালুকাৰৰ বিৰুদ্ধে। তালুকদাৰে এটা পথৰ নিম্নমানৰ কাম কৰি ব্যাপক লুণ্ঠণ কৰাৰ অভিযোগ তুলিছে ৰাইজে।

অভিযোগ অনুসৰি, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ ঘনিষ্ঠ হিচাপে পৰিচিত ফৰিদ উদ্দিন তালুকদাৰে জুৰিপাৰ পঞ্চায়তত বহুকেইটা এম জি এনৰেগাৰ কামৰ ঠিকা লাভ কৰি ব্যাপক লুণ্ঠন চলাই আহিছে। জানিব পৰা মতে, পঞ্চায়তখনৰ ৪নং ৱাৰ্ডত নিজৰ ঘৰৰ সন্মুখৰে ফৰিদ উদ্দিন তালুকদাৰৰ ঘৰৰ পৰা ফকৰউদ্দিনৰ ঘৰলৈ প্ৰায় ২৮ লাখ টকা ব্যয়ৰে এটা চি চি ব্লক পথ নিৰ্মাণৰ কিছু কাম কৰিয়েই পথটোৰ বাবে আৱন্টিত পুঁজিৰ সিংহভাগ আত্মসাৎ কৰিছে। ২০১৭ বৰ্ষৰ ২১ মাৰ্চৰ পৰা নিৰ্মাণ আৰম্ভ কৰা পথটোৰ কাম প্ৰায় এশ মিটাৰ কৰিয়েই দ্বায়িত্ব সামৰিছে এইগৰাকী বিজেপি ঠিকাদাৰে। ইফালে নিৰ্মাণ সম্পূৰ্ণ কৰা কামখিনিতো অতি নিম্নমানৰ সা-সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ফৰিদ উদ্দিন তালুকদাৰৰ নেতৃত্বতে পঞ্চায়তখনৰ ২নং ৱাৰ্ডত ২০১৭-১৮ বৰ্ষত বানপানী প্ৰতিৰোধৰ বাবে এটা কৃষি বান্ধ নিৰ্মানৰ বাবে ৩৫ লাখ ৯৮৬ টকা অনুমোদন হয় যদিও মাথোন কেইগাড়ীমান মাটি পেলাইয়ে দ্বায়িত্ব সামৰে ঠিকাদাৰজনে।
উল্লেখ্য যে, বিজেপি নেতা ফৰিদ উদ্দিন তালুকদাৰৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আছে যদিও স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসৰ সংগী হোৱাৰ বাবে সকলো গাপ দি বিধায়কগৰাকীয়ে তেওঁক ৰক্ষণাবেক্ষণ দি অহা বুলি অভিযোগ তুলিছে ৰাইজে। যাৰ বাবে উপায়ুক্তৰ এক তদন্ত বিচাৰিছে স্থানীয় পঞ্চায়তবাসীয়ে।

The post নগাঁৱৰ জুৰিপাৰ পঞ্চায়তত বিজেপি কৰ্মীৰ মইমতালি, পথ নিৰ্মাণৰ লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IOqLVU
via IFTTT

Comments