মানকাচৰৰ কুছনিমাৰাত নিচাজাতীয় সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰৰ কুছনিমাৰাত আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক নিচাজাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮ বজাত মানকাচৰ আৰক্ষীয়ে গোপন সুত্ৰৰ আধাৰত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কুছনিমাৰা গাঁৱত অভিযান চলায়। দীৰ্ঘ দিনৰ পৰা মানকাচৰ অঞ্চলৰ লগতে বাংলাদেশত ড্ৰাগছ সৰবৰাহ কৰা মাষ্টাৰমাইণ্ড আলী আকবৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনৰ ঘৰত এই অভিযান চলায়। মানকাচৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ দাসৰ নেতৃত্বত চলা এই অভিযানকালত আলী আকবৰ (৩৬)ক কৰায়ত্ব কৰাৰ লগতে লোকজনৰ ঘৰৰ পৰা ১৮৪ টা স্পাছ প্ৰিমেভাম, ১৫ টা আকছিন ইনেজকশ্ব্যন, ৪টা কফ শ্বীৰাফ, এটা শিৰিঞ্চ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে লোকজনক আটক কৰি থানালৈ আনি জেৰা কৰাৰ পাছত গ্ৰেপ্তাৰ কৰাৰ লগতে শনিবাৰে পুৱাৰ ভাগত হাটশিঙিমাৰী ন্যায়িক আদালতলৈ প্ৰেৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে ধৃত লোকজনক ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

ইফালে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দাসে জানিব দিয়া মতে এইগৰাকী আলী আকবৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজন নিজে ড্ৰাগছ সেৱন কৰাৰ উপৰিও অসম, মেঘালয়ৰ উপৰিও বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহ কৰি আহিছিল। দীৰ্ঘ দিনৰ পৰা আৰক্ষীৰ বাবে ম’ষ্ট ওৱান্টেড হৈ আছিল যদিও আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল। আনহাতে এই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আন অভিযুক্ত সকলকো শীঘ্ৰে অভিযান চলাই কৰায়ত্ব কৰা হ’ব বুলি জনায় আৰক্ষী বিষয়াগৰাকীয়ে।

The post মানকাচৰৰ কুছনিমাৰাত নিচাজাতীয় সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Xg7Fk7
via IFTTT

Comments