কৃষ্ণাই ডাকঘৰত চুৰি, জ্বলাই দিলে নথি-পত্ৰ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই ডাকঘৰত মঙলবাৰে নিশা চোৰে প্ৰৱেশ কৰি কাৰ্যালয়টোৰ ভিতৰত থকা আধাৰ কাৰ্ড প্ৰস্তুত কৰা যন্ত্ৰকে ধৰি কেতবোৰ সা-সৰঞ্জাম চুৰি কৰি লৈ যায়। আনকি চোৰে ডাকঘৰটোত থকা কেতবোৰ নথি-পত্ৰও জ্বলাই দিয়ে।

কৃষ্ণাই থানাৰ সন্মুখতে থকা ডাকঘৰটোৰ পিছফালৰ দুৱাৰ ভাঙি চোৰে এই কাৰ্য সংঘটিত কৰে। আৰক্ষীৰ চুড়ান্ত হেমাহিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি মুকলিকৈ অভিযোগ উত্থাপিত হৈছে।

The post কৃষ্ণাই ডাকঘৰত চুৰি, জ্বলাই দিলে নথি-পত্ৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2N8Zlhp
via IFTTT

Comments