ক্ষোভিত টেট শিক্ষকৰ ‘দিছপুৰ চলো’ অভিযান, বিনা চৰ্তে বেতন সুৰক্ষা সহ চাকৰি নিয়মীয়াকৰণৰ দাবী

প্ৰতিবাদস্থলীত মুৰ্চা গ’ল উত্তৰ গুৱাহাটীৰ গীতিকা দাস
খানাপাৰা খেল পথাৰতে আৱদ্ধ প্ৰতিবাদী শিক্ষকক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ জুন ঃ টেট শিক্ষকৰ একতাত বিভাজন আনিবলৈ চেষ্টা চলালেও আজি ন্যায্য স্বাৰ্থৰ বাবে হাজাৰ হাজাৰ টেট শিক্ষকে গুৱাহাটী উত্তাল কৰি তোলে। গুৱাহাটীৰ খানাপাৰা খেলপথাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাঁচ সহস্ৰাধিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে একগোট হৈ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে চেষ্টা চলায় যদিও আৰক্ষীয়ে প্ৰতিবাদকাৰীক খানাপাৰা খেলপথাৰতে আবদ্ধ কৰি ৰাখে। আজি ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা অহা ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকসকলে বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আজি দিছপুৰ চলো কাৰ্যসূচীলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰী একগোট হয়। লক্ষণীয় যে কালি প্ৰাথমিক টেট শিক্ষক সন্থাৰ পৰা পদত্যাগ কৰিছিল সভাপতি পদ্মলোচন দলেই। টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সম্পাদককে ধৰি একাংশ বিষয়ববীয়াই ব্যক্তিগত স্বাৰ্থৰ বাবেই আন্দোলনৰ পথ বাছি লৈছে বুলি অভিযোগ উত্থাপন কৰি আন্দোলন নকৰিবলৈ আহবান জনাইছিল যদিও মূৰকত হাজাৰ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে আজি শিক্ষা বিভাগৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰাৰ পিছতে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ মাজত বিভাজন অনাৰ বাবে এটা পক্ষই যে ষড়যন্ত্ৰ চলাই আছে সেয়া প্ৰমাণিত হয়।

প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষা সমাজৰ কাৰ্যকৰী সভাপতি ত্ৰৈলোক্য ডেকাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বৰ্তমান টেট উত্তীৰ্ণ শিক্ষক সমাজ নিজৰ চাকৰিটোৰ ভৱিষ্যতক লৈও শংকাত ভুগিছে। বহুবাৰ আবেদন জনোৱাৰ পিছতো শিক্ষামন্ত্ৰী এই সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰি পৰৱৰ্তী সময়ত ৰাজহুৱাভাৱে অযুক্তিকৰ মন্তব্য আগবঢ়াই শিক্ষক সমাজক অপমান কৰিছে। আনকি শিক্ষক সমাজক বিভাজিত কৰাৰ বাবেও এটা শক্তিয়ে লাগি আছে বুলি তেওঁ অভিযোগ কৰে। উল্লেখ্য যে যোৱা ১৮ জুনত প্ৰতিখন জিলাত টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মৰাক-পত্ৰ প্ৰেৰণ কৰিছিল যদিও এই সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ হোৱা পৰিলক্ষিত নোহোৱাৰ পিছতে আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অৱশ্যে দিছপুৰলৈ প্ৰতিবাদী সমদল উলিওৱাৰ বাবে অনুমতি নিদিয়াত মহানগৰ আৰক্ষীয়ে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰতেই আবদ্ধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলে। ৰাজ্যৰ ৪১ হাজাৰ টেট শিক্ষকৰ উচিত ন্যায় প্ৰদান কৰাৰ বাবে তথা বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী আজি ডিঙিত গামোচা আঁৰি খানাপাৰা খেলপথাৰতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষকসকলে।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে আজি প্ৰতিবাদী কাৰ্যসূচীত কোলাত কেঁচুৱা লৈ টেট উত্তীৰ্ণ শিক্ষয়িত্ৰী অংশই লোৱাৰ বিপৰীতে উত্তৰ গুৱাহাটীৰ গীতিকা দাস নামৰ এগৰাকী শিক্ষয়িত্ৰী প্ৰতিবাদস্থলীতে অসুস্থ হৈ পৰে। পৰৱৰ্তী সময়ত এম্বুলেন্সৰ জৰিয়তে মূৰ্ছা যোৱা শিক্ষয়িত্ৰীগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয়। লক্ষণীয় যে কালি সভাপতি পদ্মলোচন দলেই পদত্যাগ কৰাৰ লগতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিয়ে আন্দোলনৰ কাৰ্যসূচীত অংশ নলয় বুলি জানিব পৰা গৈছিল যদিও আজি ষষ্ঠ অনুসূচিত জিলাৰ শিক্ষকসকলেও প্ৰতিবাদী কাৰ্যসূচীত জঁপিয়াই পৰা পৰিলক্ষিত হয়। এনে অৱস্থাত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নেতৃত্বই টেট উত্তীৰ্ণ শিক্ষক সমাজক দুৰ্বল কৰাৰ বাবেই শিক্ষকৰ মাজত বিভাজন আনি দি তথা একাংশ নেতৃত্বক ব্যক্তিগত টোপ দি গণতান্ত্ৰিক প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰে।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )

The post ক্ষোভিত টেট শিক্ষকৰ ‘দিছপুৰ চলো’ অভিযান, বিনা চৰ্তে বেতন সুৰক্ষা সহ চাকৰি নিয়মীয়াকৰণৰ দাবী appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2xhI4rQ
via IFTTT

Comments