যোৰহাটৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ত অস্বাস্থ্যকৰ পৰিৱেশঃ মৃত গাহৰিৰ দুৰ্গন্ধই কৰিছে প্ৰদূষণ

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাট জিলাৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যালয় যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ৰ অস্বাস্থ্যকৰ পৰিবেশে সম্প্ৰত্তি দুৰ্ভোগ ভোগ কৰিবলৈ বাধ্য কৰিছে সাধাৰন ৰাইজক। যি সময়ত জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগে দেখা দিছে সেই সময়তে খোদ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্য্যালয়ৰ কদৰ্য্য ৰূপে উদঙাইছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিয়াগোম বিভাগটোৰ নগ্ন ছবিখন। কাৰ্য্যালয়টোৰ চৌহদত বিগত কেইবাদিনো ধৰি তিনিটাকৈ গাহৰি মৃত অৱস্থাত পৰি থকা বুলি জানিব পৰা গৈছে। যাৰ ফলত কাৰ্য্যালয়টোৰ চৌহদটোৰ লগতে সমীপৰ এক বৃহৎ ব্যৱসায়ীক এলেকাত দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে। আজিৰ পৰা প্ৰায় ১৫ দিন পূৰ্বে কাৰ্য্যালয়টোৰ চৌহদত এখন পকী দেৱালৰ কাষত এটা গাহৰি মৃত অৱস্থাত পৰি থকীৰ পিছত স্থানীয় একাংশ ব্যৱসায়ীয়ে যোৰহাট পৌৰসভাত খবৰ দিয়ে যদিও পৌৰসভাৰ কৰ্মীৰ ওচৰত ট্ৰলীৰ অভাৱৰ বাবে মৃত গাহৰিটো আতৰাব নোৱাৰে বুলি কৰ্মী সকলে অপাৰগতা প্ৰকাশ কৰে। পিছদিনা কৰ্মীসকলে টকা নহলে আতৰাব নোৱাৰে বুলি ৩ হাজাৰ টকা দাবী কৰা বুলিও অভিযোগ উত্থাপন হৈছিল। কিন্তু টকা নিদিয়াৰ বাবেই তেনেদৰেই গাহৰিটো পেলাই আতৰি যায় কৰ্মীসকল।
ইয়াৰ কেইদিন মান পিছত পুনৰ একে স্থানতে আন দুটা মৃত গাহৰি প্ৰত্যক্ষ কৰে স্থানীয় ব্যৱসায়ী সকলে। এই সম্পৰ্কে যুটীয়া সঞ্চালকৰ কাৰ্য্যালয়ত ব্যৱসায়ী সকলে অৱগত কৰা বুলি জানিব দি কয় যে গাহৰিৰ দেহৰ পৰা ভয়ঙ্কৰ জাপানীজ এনকেফেলাইটিছ ৰোগ হয় যদিও স্বাস্থ্য বিভাগে গাহৰি কেইটা আতৰোৱা ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই। ইফালে গাহৰিৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত অঞ্চলটোত ৰাইজৰ মাজত চিন্তাৰ কাৰণ হৈ পৰিছে। এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱৰ সময়তে যোৰহাট পৌৰসভা তথা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীনতাক একে মূখে গৰিহণা দিছে যোৰহাটৰ সচেতন মহলে।

The post যোৰহাটৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ত অস্বাস্থ্যকৰ পৰিৱেশঃ মৃত গাহৰিৰ দুৰ্গন্ধই কৰিছে প্ৰদূষণ appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2IWeb6M
via IFTTT

Comments