পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে বটদ্ৰৱাৰ শিক্ষক

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ তথা জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ন-মাটি গাঁৱৰ জ্যোতিৰ্ময় বৰুৱা নামৰ শিক্ষক গৰাকীৰ বৃহস্পতিবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনাত মৃত্যু হয়। ঘটনাৰ বিবৰণী মতে শিক্ষকগৰাকী সন্ধিয়া নগাঁৱৰ জামুগুৰিৰ পৰা ন-মাটি নিজ গৃহলৈ বুলি মটৰচাইকল চলাই আহি থাকোতে ন-মাটি চাৰিআলিত এএছ২১এফ ৭৮২২ নম্বৰৰ এখন গাড়ীয়ে পাছফালৰ পৰা খুন্দা মাৰে। ফলত জ্যোতিৰ্ময় বৰুৱা ছিটিকি পৰে আৰু মুৰত আঘাত প্ৰাপ্ত হয়।

লগে লগে বৰুৱাক চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়া হয় যদিও নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বৰুৱাৰ মৃত্যু হয়। অমায়িক সৰবৰহী শিক্ষকজনৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত জ্যোতিৰ্ময় বৰুৱাই মাতৃ, পত্নী, এজন পুত্ৰ, এজনী জীয়ৰী, সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

The post পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে বটদ্ৰৱাৰ শিক্ষক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/321izca
via IFTTT

Comments