খনামুখ বেৰাজানৰ শ্বহীদ কালিৰাম দাসৰ বাসগৃহত উপস্থিত ৰাজ্যৰ স্বাস্থ্য ও গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
গণ বাৰ্তা, ৰঙাপৰা, ২৯ জুন ঃ কালিদাস শৰ্মাৰ যি ত্যাগ সেয়া আমাৰ বাবে সদায় আদৰ্শ হৈ ৰ’ব। শ্বহীদ কালিদাস শৰ্মাৰ পৰিয়ালবৰ্গক জীয়াই থকাৰ ঈশ্বৰে সাহস দিয়ক। কালিদাস শৰ্মাৰ পৰিয়ালৰ লগত অসমবাসী ৰাইজ আছে আৰু সদায় থাকিব। বীৰ সন্তানৰ মৃত্যু কেতিয়াও অথলে নাযায়। চৰকাৰে দুৰ্ভগীয়া পৰিয়ালটোক সংস্থাপনকে ধৰি সকলো ব্যৱস্থা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব। —এইদৰে মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য ও গড়কাপ্টানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। নাগালেণ্ডৰ মন জিলাত যোৱা ৫ জুনত উগ্ৰপন্থী সংগঠন এন এছ চি এন (কে)ৰ হাতত নিহত বীৰ অসম ৰাইফলছৰ জোৱান কালিদাস শৰ্মাৰ বাসগৃহত আজি উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য ও গড়কাপ্টানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত যমুনামুখৰ বেৰাজানত তেজপুৰ লোকসভাৰ সাংসদ পল্লৱ লোচন দাস, বৰছলা বিধানসভা সমষ্টিৰ সাংসদ গণেশ লিম্বু, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ক লগত লৈ মন্ত্ৰীগৰাকীয়ে শ্বহীদগৰাকীৰ বাসগৃহত উপস্থিত হৈ কালিদাস শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে শ্বহীদ কালিদাস শৰ্মাৰ পিতৃ-মাতৃ, পত্নীসহ দুই কন্যা সন্তানৰ লগত মিলিত হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
শ্বহীদগৰাকীৰ পত্নী পুষ্পা শৰ্মাই দেশত সন্ত্ৰাসবাদক কঠোৰ হাতেৰে দমন কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়। উগ্ৰপন্থীৰ গুলীত সেনা জোৱানৰ মৃত্যু হোৱাৰ পাছত পিতৃ-মাতৃৰ বুকু শুদা, পত্নীক বিধৱা সাজ আৰু সন্তানসকলে মাউৰা হ’লে কি অনুভৱ হয় সেয়া আমি উপলব্ধি কৰিছো বুলি পুষ্পা শৰ্মাই প্ৰকাশ কৰে। সেয়েহে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আহ্বান জনাই পত্নীগৰাকী আৱেগিক হৈ পৰে। শ্বহীদগৰাকীৰ পত্নীয়ে চকুলো টুকি থোকাথুকি মাতেৰে কোৱাৰ পাছতে মন্ত্ৰীগৰাকীও আৱেগিক হৈ পৰে। ইফালে মাতৃৰ চকুলো প্ৰত্যক্ষ কৰি শ্বহীদ দাসৰ দুই কন্যা দীক্ষা আৰু বন্দিতাই আৱেগিক হৈ চকুলো টোকে। পত্নী পুষ্পা শৰ্মাই দেশৰ সকলো শ্বহীদৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ লগতে সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীক আহ্বান জনোৱাৰ কথাই সকলোৱে তেখেতক প্ৰশংসা কৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বুকুত সন্ত্ৰাসবাদৰ বিৰুদ্ধে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যুঁজ দি আহিছো আৰু এই ক্ষেত্ৰত নিৰাপত্তা বাহিনীসমূহে দৃঢ়তাৰে যুঁজ দি আহিছে। তদুপৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এককালীন আৰ্থিক সাহায্য প্ৰদানৰ কথা উল্লেখ কৰি মন্ত্ৰী শৰ্মাই পৰিয়ালটোৰ সংস্থাপনৰ ক্ষেত্ৰত বিবেচনা কৰাৰ কথাও প্ৰকাশ কৰে।
( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )
The post খনামুখ বেৰাজানৰ শ্বহীদ কালিৰাম দাসৰ বাসগৃহত উপস্থিত ৰাজ্যৰ স্বাস্থ্য ও গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2Jcg4vf
via IFTTT
Comments
Post a Comment