শিৱসাগৰ নগৰত দিন দুপৰতে পুনৰ চিলনী চোৰৰ তাণ্ডৱ

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত চুৰি ডকাইতিৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে৷ চোৰ ডকাইত গ্ৰেপ্তাৰত ব্যথ হৈছে আৰক্ষী৷ শুকুৰবাৰে চহৰৰ মাজমজিয়াৰ ষ্টেচন চাৰিআলিত চিলনী চোৰে লুট কৰি নিলে ৩ লাখ ৮৩ হেজাৰ টকা। জিন্তু চুতীয়া নামৰ ক্ষুদ্ৰ চাহ খেতিয়ক এজনে ইউনাইটেড বেংকৰ শিৱসাগৰ শাখাৰ পৰা উলিয়াই আনিছিল টকা খিনি।
দিনৰ প্ৰায় ১২.১৫ বজাত টংকেশ্বৰ গগৈ, বাবলু আৰু বাবা মোহন নামৰ অন্য তিনিজন ক্ষুদ্র চাহ খেতিয়কৰ লগত জিন্তু চুতীয়াই টকা লৈ নিজৰ এএছ-০৬-জে-১৬১৫ নম্বৰৰ মাৰুতি ৱেগনাৰ গাড়ীত মৰাণ অভিমুখে যাত্ৰা আৰম্ভ কৰোঁতেই শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ব্যস্ততম অঞ্চল ষ্টেচন চাৰিআলিত ঘটে এই চাঞ্চল্যকৰ ধন লুটৰ ঘটনা সংঘটিত হৈছে।
এখন পালচাৰ বাইকত আহিছিল দুজনীয়া দুৰ্বৃত্তৰ দলটো। চহৰৰ ষ্টেচন চাৰিআলিৰ লোহা দলঙৰ ওপৰত উঠিবলৈ লওঁতেই পূৰ্বৰ পৰাই খাপ পিটি থকা চিলনী চোৰে গাড়ী খনৰ গতি ধীৰ হোৱাৰ সুবিধা লৈ থাপ মাৰি লুটি নিয়ে টকাৰ টোপোলাটো। জিন্তু চুতীয়া নামৰ ক্ষুদ্ৰ চাহ খেতিয়ক জনে জনোৱা মতে মুঠ ৪.২৩ লাখ টকা বেংকৰ পৰা উলিয়াইছিল।
তাৰে ৪০ হাজাৰ টকা এজনক দি বাকী ৩.৮৩ লাখ টকা উক্ত টোপোলাটোত আছিল। টকা লৈ মৰাণ অভিমুখে গৈ থকা অৱস্থাত এই ঘটনা ঘটে। শিৱসাগৰ আৰক্ষীয়ে বেংকৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
The post শিৱসাগৰ নগৰত দিন দুপৰতে পুনৰ চিলনী চোৰৰ তাণ্ডৱ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2J94VeC
via IFTTT
Comments
Post a Comment