টীয়কৰ ৰাজৈত জুইত ভস্মীভূত গৃহ…

ডিজিটেল সংবাদ, তিতাবৰঃ যোৰহাট জিলাৰ টীয়কৰ ৰাজৈ চাহ বাগিচাৰ দুই নং লাইনৰ চাম বেডিয়া,বীৰ সিং বেডিয়া আৰু পান্তা বেডিয়া নামৰ ব্যক্তি তিনিজনৰ ঘৰ জুইত ভস্মীভূত হয় । পুৱা সংঘটিত হোৱা এই অগ্নিকাণ্ডত বেডিয়াৰ ঘৰকেইটা সম্পূৰ্ণৰূপে ভস্মীভূত হয় আৰু বহু লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ।অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই । ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও ইয়াৰ পূৰ্বে ঘৰ কেইটা সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।

The post টীয়কৰ ৰাজৈত জুইত ভস্মীভূত গৃহ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/38e3l5J
via IFTTT

Comments