ঐতিহাসিক মইনাপৰীয়া নামঘৰৰ ১লাখ টকা দান মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ

ডিজিটেল সংবাদ, টীয়কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰন কৰাৰ সময়ত এই দুৰ্যোগ মোকাবিলা কৰিবলৈ অসম চৰকাৰক প্ৰয়োজনীয় টকা আগবঢ়াইছে বহু দল সংগঠন আৰু ব্যক্তিয়ে।ইতিমধ্যে ৰাজ্য খনৰ বিভিন্ন জনে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ আগবঢ়াইছে পুঁজি। যোৰহাট জিলাৰ ঐতিহাসিক মইনাপুৰীয়া বৰনামঘৰ পৰিচালনা সমিতিয়েও এই দুৰ্যোগৰ সময়ত চৰকাৰৰ আৰোগ্য নিধিলৈ এক লাখ টকা আগবঢ়াইছে।

জিলা উপায়ুক্তৰ যোগেদি এই ধন প্ৰদান কৰিছে তেওঁলোকে। উল্লেখযোগ্য যে, অসমৰ অন্যতম এক পীঠ ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে জিলা উপায়ুক্তৰ যোগেদি এক লাখ টকা আৰোগ্য নিধিলৈ আগবঢ়ায়।

The post ঐতিহাসিক মইনাপৰীয়া নামঘৰৰ ১লাখ টকা দান মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/33ToGkg
via IFTTT

Comments