প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি পাচলিৰ দোকান খুলিছে একাংশ ব্যৱসায়ীয়ে

- নিয়ম মনা নাই মহানগৰীৰ একাংশ পাচলি ব্যৱসায়ীয়ে।
- প্ৰশাসনে বন্ধ দিয়াৰ পিছতো খুলিছে পাচলিৰ দোকান।
- গেলামালৰ দোকানৰ সন্মুখত নহয়, পদপথত খুলিছে এই দোকানসমূহ।
- গীতানগৰ, চিৰিয়াখানা, হাতীগাঁও আদি অঞ্চলত দেখা পোৱা গৈছে এই দোকানসমূহ।
- পাচলি ক্ৰয় কৰিবলৈ অসংখ্য লোকে ভিৰ কৰিছে।
- ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত এই খবৰ প্ৰকাশ পোৱাৰ পিছতে তৎপৰ জিলা প্ৰশাসন।
- কামৰূপ মহানগৰৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ নিৰ্দেশ।
- নিয়ম অমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব প্ৰশাসনে।
- তেনে পাচলি ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰ হৈছে প্ৰশাসন।
- পুৱাৰ ৭ বজাৰ পৰাই খুলিছিল এই দোকানসমূহ।
- অবিশ্বাস্য হাৰত গ্ৰাহকৰ পৰা দাম লৈছে ব্যৱসায়ী।
The post প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি পাচলিৰ দোকান খুলিছে একাংশ ব্যৱসায়ীয়ে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39nDMj7
via IFTTT
Comments
Post a Comment