লকডাউনত সুৰা বিক্ৰী বন্ধ, বিভিন্ন জনে কৰিছে আত্মহত্যাঃ শেষত মুখ্যমন্ত্ৰীয়ে দিলে এই নিৰ্দেশ…

ডিজিটেল ডেস্কঃ ২১ দিনীয়া লকডাউনৰ বাবে দেশৰ সকলো ৰাজ্যতে নিত্যু প্ৰয়োজনীয় সামগ্ৰী বিক্ৰী কৰা দোকানৰ বাহিৰে অন্য সকলো বিপনী বন্ধ আছে। লকডাউনৰ সময়চোৱাত বন্ধ আছে ওৱাইন চপ সমূহো। কিন্তু এই ওৱাইন চপ সমূহ বন্ধ হোৱাৰ বাবে দেশৰ এখন ৰাজ্যৰ চৰকাৰ বিবুধিত পৰা দেখা গৈছে।

ৰাজ্যখন হৈছে কেৰালা। মদ্যপানৰ প্ৰচলন বন্ধ কৰাৰ পাছত ৰাজ্যখনত বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা। এই ঘটনালৈ লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে আবকাৰী বিভাগক নিৰ্দেশ প্ৰদান কৰিছে যে, একাংশ লোকক চিকিৎসকৰ পৰামৰ্শমতে প্ৰদান কৰক সুৰা। লগতে এনে কিছুলোকক ৰাজ্যখনত থকা নিচা মুক্তি কেন্দ্ৰ সমূহত বিনামূলীয়াকৈ চিকিৎসা প্ৰদানৰ বাবেও নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।

The post লকডাউনত সুৰা বিক্ৰী বন্ধ, বিভিন্ন জনে কৰিছে আত্মহত্যাঃ শেষত মুখ্যমন্ত্ৰীয়ে দিলে এই নিৰ্দেশ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3bBTPeN
via IFTTT

Comments