‘অসমীয়া মানুহবোৰেই বুৰ্বক’, কোনে ক’লে, কিয়, চাওঁক VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ এজন লোকৰ খং উঠিছে। নিজকে নিজে তেওঁ গালি পাৰিছে। ‘আমাৰ অসমীয়া মানুহবোৰে একো নুবুজে।’ পিচফালৰ পৰা তেওঁ চিঞৰিছে, ‘আপোনালোকে চাইদ লওঁক, লাইন পাতক। অসমীয়াৰ জাতটোৱেই এনেকুৱা।’ চানমাৰীৰ এখন পাচলিৰ দোকানৰ সমীপত পাচলি ক্ৰয় কৰিবলৈ মানুহৰ ভিৰ। শিক্ষিত লোকসকলেই পাচলি বিচাৰি হেতা ওপৰা কৰিছে।

মানুহজনে নিজেই নিৰ্দিষ্ট দুৰত্বত ৰৈ বাকী সকলক চিঞৰি আছে। ‘আপোনালোকে লাইন নাপাতে কিয়? একো বুজি নাপায় নেকি?’ মানুহজনে গালি পাৰি পাৰি মানুহবোৰক লাইন পাতিবলৈ বাধ্য কৰিলে। তাৰ পিছতে মানুহবোৰে শাৰী পাতি পাচলি কৰিলে। এই সাধাৰণ যেন লগা লোকজনৰ সচেতনতাই সকলোকে মুগ্ধ কৰিলে। যিসময়ত শিক্ষিত লোকসকলেই এইবোৰ কথা গুৰুত্ব দিয়া নাই তেতিয়াই এইজন সাধাৰণ লোকে সকীয়াই দিলে মানুহবোৰক।

The post ‘অসমীয়া মানুহবোৰেই বুৰ্বক’, কোনে ক’লে, কিয়, চাওঁক VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JhxXJF
via IFTTT

Comments