কোৰোনাৰ বিৰুদ্ধে তৎপৰ স্বাস্থ্য বিভাগঃ জিএমচিৰ পৰা ব্যক্তিগত হাস্পতাললৈ কৰা হৈছে ৰোগীৰ স্থানান্তৰ…

ডিজিটেল ডেস্কঃ কোৰোনাৰ ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ। জিএমচিৰ লগতে কেবাখনো হাস্পতালক ৰাজ্য চৰকাৰে কেৱল কোৰোনাত আক্ৰান্ত ৰোগীক চিকিৎসাৰ হাস্পতাল হিচাপে নিশ্চিত কৰিছে। চৰকাৰী হাস্পতালৰ সলনি এতিয়াৰে পৰা ব্যক্তিগত হাস্পতালত কোৰোনাৰ লগতে দুই-এক গুৰুতৰ ৰোগ বাদ দি আন ৰোগৰ ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হ’ব। এই চিকিৎসা সেৱা বিনামূলীয়া হ’ব।

সেই অনুসৰি গুৱাহাটীতো চৰকাৰে ৩৬ খন ব্যক্তিগত হাস্পতাল নিশ্চিত কৰিছে। জিএমচিৰ পৰা ব্যক্তিগত হাস্পতাললৈ ৰোগীৰ স্থানান্তৰ আৰম্ভ কৰিছে। জিএমচিৰ পৰা যিসকল ৰোগীক বৰ্তমান স্থানান্তৰ কৰাটো সম্ভৱ নহয় সেইসকল ৰোগীকহে কেৱল ৰখা হ’ব। তাৰ সলনি বাকী ৰোগীসকলক স্থানান্তৰ কৰা হৈছে ব্যক্তিগত হাস্পতাললৈ। উল্লেখ্য যে, জিএমচিক কেৱল কোৰোনাত আক্ৰান্ত ৰোগীসকলকহে চিকিৎসা প্ৰদান কৰা হ’ব।

The post কোৰোনাৰ বিৰুদ্ধে তৎপৰ স্বাস্থ্য বিভাগঃ জিএমচিৰ পৰা ব্যক্তিগত হাস্পতাললৈ কৰা হৈছে ৰোগীৰ স্থানান্তৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3assR9g
via IFTTT

Comments