মানৱতাৰ উৎকৃষ্ট নিদৰ্শনঃ টীয়কত ‘শ্যাম টি’ৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ, চুতীয়া ছাত্র সন্থাৰো প্ৰশংসনীয় উদ্যোগ…

ডিজিটেল সংবাদ, টীয়কঃ লকডাউনৰ সময়ত সমগ্ৰ দেশতে পথাচাৰী দৰিদ্ৰ আৰ্তনাদক বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে খাদ্য সামগ্ৰী বিতৰণ কৰি সহায় কৰা পৰিলক্ষিত হৈছে।

শুকুৰবাৰে সন্ধিয়া টীয়কৰ জগদুৱাৰ অঞ্চলত টীয়কৰ চটাইস্থিত শ্যাম টি চাহ উদ্যোগ তথা শ্যাম মণ্ডল কীৰ্ত্তন মণ্ডলী যোৰহাটৰ উদ্যোগত চাউল,দাইল,আলু,তেল আদি খাদ্য সামগ্ৰী অঞ্চলটোৰ দিন হাজিৰা কৰি পেটে ভাতে খাই থকা কেইবাটাও পৰিয়ালৰ ঘৰে ঘৰে গৈ স্থানীয় একাংশ সচেতন যুৱকৰ সহায়ত বিতৰণ কৰা হয়।

শ্যাম টি উদ্যোগৰ স্বত্বাধিকাৰী কমল জালানে এই দিন হাজিৰা কৰা ব্যক্তিসকলৰ এই লক ডাউনৰ ফলত খাদ্য সামগ্ৰীৰ যাতে অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সাধ্য অনুসৰি এমুঠি অন্নৰ টোপোলা ঘৰে ঘৰে গৈ বিতৰণ কৰিছে আৰু জিলাখনৰ বিভিন্ন অঞ্চলৰ লগতে যোৰহাটৰ দাঁতি কাষৰীয়া অঞ্চলত প্ৰায় দুহেজাৰ ঘৰ আৰ্তনাদক সহায় কৰিবলৈ সিদ্ধান্ত লৈছে ।

ইপিনে চুতীয়া জাতি ছাত্র সন্থাৰ টীয়ক আঞ্চলিক সমিতিয়ে টীয়কৰ পথৰ কাষত আশ্ৰয়হীন ব্যক্তি সকলক আহাৰৰ ব্যৱস্থা কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছে ।

The post মানৱতাৰ উৎকৃষ্ট নিদৰ্শনঃ টীয়কত ‘শ্যাম টি’ৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ, চুতীয়া ছাত্র সন্থাৰো প্ৰশংসনীয় উদ্যোগ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2vTHpj6
via IFTTT
Comments
Post a Comment