প্ৰশাসনে ৰাখিছেনে খবৰ, নাই কোনো সামাজিক দুৰত্ব, গুৱাহাটীত পুৱাৰে পৰা বহিল বজাৰ, VIDEO

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ বাবে বিশ্বত প্ৰায় ৯ লাখ লোক আক্ৰান্ত হোৱাৰ পিছতো গা লৰা নাই একাংশ লোকৰ। এতিয়াও গুৱাহাটীৰ একাংশ লোকৰ মনত নিজৰ জীৱনক লৈ উদ্ভৱ হোৱা নাই কোনো প্ৰশ্ন। মঙলবাৰে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা বহিল বজাৰ। বজাৰত বিভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে পুৱাৰে পৰা অজস্ৰ লোকে ভিৰ কৰে।
ৰাজ্যৰ আন স্থানত প্ৰশাসনে বন্ধ কৰিছে বজাৰ। আৰক্ষীয়ে কৰিছে লাঠিচালনা। কিন্তু গুৱাহাটীত এনেদৰেই চলিছে বজাৰ। পুৱাৰে পৰা উজানবজাৰত দেখিবলৈ পোৱা যায় বহু লোকৰ ভিৰ। যি সময়ত কোৰোনা ভাইৰাছ যাতে সংক্ৰমণ হটব নোৱাৰে সেইবাবে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সকলো লোককে ইজনে-সিজনৰ পৰা সামাজিক দুৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছে সেই সময়তে এনেদৰে একাংশ তথাকথিত লোকৰ কাণ্ডই সকলো লোককে চিন্তিত কৰিছে।
এতিয়া প্ৰশ্ন হৈছে ৰাজ্যৰ আন আন প্ৰান্তত বজাৰ উচ্ছেদ কৰাৰ নামত চাইকেল, বাহন আদি ভাঙি তচনচ কৰা প্ৰশাসনে দেখিও নেদেখাৰ ভাও জুৰিছে নেকি গুৱাহাটীত। কিয় এনেদৰে গুৱাহাটীৰ মাজ মজিয়াত থকা বজাৰ এখন উচ্ছেদ কৰিব পৰা নাই প্ৰায় এক কিলোমিটাৰ নিলগত অৱস্থিত লতাশিল থানাই।
The post প্ৰশাসনে ৰাখিছেনে খবৰ, নাই কোনো সামাজিক দুৰত্ব, গুৱাহাটীত পুৱাৰে পৰা বহিল বজাৰ, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UPmRRb
via IFTTT
Comments
Post a Comment