সুস্থ, নিৰোগী কিছুলোকৰ দেহত কোৰোনা ভাইৰাছ বিয়পাই দিব বিচাৰিছে বিজ্ঞানীয়ে, কিয়?

ডিজিটেল ডেস্কঃ ক্ৰমাম্বয়ে বাঢ়িয়েই আছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিশ্বত বৰ্তমানে ৭ লাখৰ ঘৰ পাৰ কৰিছে কোৰোনাত আক্ৰান্তৰ সংখ্যাই। কোৰোনাৰ এই ত্ৰাস চলি থকাৰ সময়তে আন্তৰাষ্ট্ৰীয় স্তৰৰ এদল বৈজ্ঞানিকে বিচাৰিছে যে, তেওঁলোকে প্ৰায় ১০০ স্বাস্থ্যৱান লোকৰ দেহত কোৰোনা ভাইৰাছ বিয়পাই দিব। কথাষাৰ শুনি আপোনাৰ আচৰিত যেন লাগিলেও, এই কামৰ অন্তৰালত লুকাই আছে আন এটা উদ্দেশ্য।
দৰাচলতে নিউ জাৰ্চীৰ ৰুটগজ ইউনিৰ্ভাৰচিটিৰ এদল বিজ্ঞানীয়ে আজি কিছুদিনৰে পৰা কোৰোনাৰ প্ৰতিষেধক নিৰ্মাণৰ কামত ব্যস্ত আছে। ইউনিৰ্ভাৰচিটিখনৰ অধ্যক্ষ নিৰ ইয়ালে সংবাদ মাধ্যমত জনোৱা মতে, তেওঁলোকৰ প্ৰতিষেধক নিৰ্মাণৰ কামত ব্যস্ত আছে যদিও, শেষৰ পৰ্যায়ত উপনীত হবলৈ ১০০ স্বাস্থ্যৱান, নিৰোগী লোকৰ প্ৰয়োজন।
তেওঁলোকৰ দেহত প্ৰথমে কোৰোনা ভাইৰাছ বিয়পাই পাছত প্ৰতিষেধকৰ জৰিয়তে তেওঁলোকক সুস্থ কৰি তুলিব। তেওঁ জনোৱা মতে, প্ৰতিষেধকটোৰ এয়াই হৈছে অন্তিম পৰীক্ষা। যদি এই কাৰ্যত তেওঁলোক সফল হয়, তেন্তে কোৰোনাৰ প্ৰতিষেধক হিচাপে এই টীকাই স্বীকৃতি লাভ কৰিব।
The post সুস্থ, নিৰোগী কিছুলোকৰ দেহত কোৰোনা ভাইৰাছ বিয়পাই দিব বিচাৰিছে বিজ্ঞানীয়ে, কিয়? appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WZHxcd
via IFTTT
Comments
Post a Comment