নামতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লকডাউন অমান্য কৰা পাঁচজনকৈ ব্যক্তিক

ডিজিটেল সংবাদ, নামতিঃ বিশ্বজুৰি কোৰোনা ভাইৰাছৰ আতংকৰ মাজতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল লকডাউন। জনসাধাৰণক লকডাউন মানি চলিবলৈ অনুৰোধ জনায় অহাৰ মাজতে নামতিত লক ডাউন অমান্য কৰিছিল পাঁচজন ব্যক্তিয়ে ।
দিকচু চোমদাৰ গাঁওৰ ভবেন চুতীয়া, দিকচু মাউটৰ বাবুল বৰা, শেণচোৱা আৰন্ধৰা গাঁওৰ মঞ্জু আৰন্ধৰা, পৰ্বতীয়া খনিকৰ গাঁওৰ ৰিতুৰাজ চুতীয়া আৰু অভয়পুৰীয়া দেওবিলৰ লক্ষ্যজ্যোতি গগৈক গ্ৰেপ্তাৰ কৰিছে নামতি আৰক্ষীয়ে । ইতিমধ্যে ০৩/২০২০ নম্বৰৰ গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ২৬৯/২৭০/৩৪ ধাৰা ৰুজু কৰিছে।
The post নামতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লকডাউন অমান্য কৰা পাঁচজনকৈ ব্যক্তিক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WSp29p
via IFTTT
Comments
Post a Comment