ভাৰতত ক্ৰমাৎ সংহাৰী ৰূপ লৈছে কোৰোনা ভাইৰাছে, ২৫ জনৰ প্ৰাণ কঢ়াৰ লগতে আক্ৰান্ত হৈছে ১০২৯ গৰাকী লোক…

ডিজিটেল ডেস্কঃ প্ৰতি মুহুৰ্ততে বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰতত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ১০২৯ জনলৈ। ঠিক তেনেদৰে বৰ্তমানলৈকে মৃত্যু হৈছে ২৫জন লোকৰ। বৰ্তমানলৈকে কোৰোনাত আক্ৰান্ত হোৱাৰ পিছত ভাৰতত আৰোগ্য লাভ কৰিছে ৮৪ জন লোকে।

বৰ্তমানেও ৮৭৯ জন লোকক ভাৰতত চিকিৎসা প্ৰদান কৰি থকা হৈছে। উল্লেখ্য যে, এই সকল লোকৰ ভিতৰত বিদেশৰো কেবাজন লোক আছে। ভাৰতত শনিবাৰে নিশাই কেবাজনো লোকৰ মৃত্যু হৈছে। ইফালে সৰ্বাধিক লোকৰ মৃত্যু হৈছে ইটালীত। দেশখনত ১০০২৩ জন লোকৰ মৃত্যু হৈছে। দেশখনত মুঠ আক্ৰান্ত হৈছে ৯২,৪৭২ জন লোক।

ইটালীৰ পিছতে মৃত্যু হোৱা লোকৰ সংখ্যা অধিক স্পেইনত। ৫৯৮২ লোক স্পেইনত মৃত্যু হোৱাৰ লগতে ৭৩,২৩৫ গৰাকী লোক আক্ৰান্ত হৈ আছে। সৰ্বাধিক লোক আক্ৰান্ত হৈছে আমেৰিকাত। দেশখনত এতিয়ালৈকে আক্ৰান্ত হৈছে ১২৩,৭৫০ গৰাকী লোক। তেনেদৰে মৃত্যু হৈছে ২,২২৭ গৰাকী লোকৰ।

ভাৰতত কোৰোনাক ৰোধ কৰিবলৈ ঘোষণা কৰা হৈছে লকডাউনৰ। এই সময়চোৱাত বিনা কাৰণত দেশবাসীক ওলাই নাযাবলৈ প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি প্ৰতিজন সমাজ সচেতন লোকেই আহ্বান জনাইছে। তাৰ মাজতে আইন অমান্য কৰি একাংশ লোক বিনা কাৰণত ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছে। গুৱাহাটীৰ লগতে ৰাজ্যৰ সকল বজাৰ বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিছে চৰকাৰে। তাৰ মাজতে প্ৰশাসনৰ অজ্ঞাতে একাংশ লোকে বজাৰ বহুৱাইছে। অৱশ্যে ২ শতাধিক লোক এতিয়ালৈকে কেৱল অসমতে গ্ৰেপ্তাৰ হৈছে।

The post ভাৰতত ক্ৰমাৎ সংহাৰী ৰূপ লৈছে কোৰোনা ভাইৰাছে, ২৫ জনৰ প্ৰাণ কঢ়াৰ লগতে আক্ৰান্ত হৈছে ১০২৯ গৰাকী লোক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aDeCOM
via IFTTT

Comments