টীয়কৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কোৱাৰেন্টাইন কক্ষ স্থাপনৰ অনুমতি বিদ্যালয় কৰ্তৃপক্ষৰ

ডিজিটেল সংবাদ, টীয়কঃ মহামাৰী ৰূপ ধাৰণ কৰা কোৰোনা ভাইৰাছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভূমিকাৰ সমান্তৰালকৈ ৰাজ্যখনৰ বহু লোকেও বিভিন্ন প্ৰকাৰে এইক্ষেত্ৰত চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে। আৰ্থিকভাৱে সহযোগিতা আগবঢ়োৱাৰ উপৰি প্ৰয়োজন হ’লে কোৱাৰেন্টাইন কক্ষ, চিকিৎসালয় স্থাপনৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ পাছত চিকিৎসালয় স্থাপন কৰিবলৈ ভূমি পৰ্যন্ত দান দিছে বহুজনে।

যোৰহাট জিলাৰ টীয়কৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্মাৰ্ট জেন বিদ্যালয়ৰ কৰ্তৃপক্ষই বিদ্যালয়খনত কোৱাৰেন্টাইন কক্ষ স্থাপনৰ বাবে জিলা প্ৰশাসনক হস্তান্তৰ কৰিলে বিদ্যালয়খন। ইতিমধ্যে জিলাৰ স্বাস্থ্য বিভাগৰ এটা দলে বিদ্যালয়খন পৰ্যবেক্ষণ কৰি যায়। বিদ্যালয়খনৰ এনে প্ৰয়াসক সকলোৱে শলাগ লৈছে।

The post টীয়কৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কোৱাৰেন্টাইন কক্ষ স্থাপনৰ অনুমতি বিদ্যালয় কৰ্তৃপক্ষৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/33VS0GM
via IFTTT

Comments