‘অসমীয়া প্ৰতিদিন’ৰ পদক্ষেপঃ পৰিচয় পত্ৰ লৈ পুৱাই হকাৰ সকল ওলাল বাতৰি কাকত বিতৰণৰ বাবে…

ডিজিটেল সংবাদ,চামগুৰিঃ অসমীয়া প্ৰতিদিনে প্ৰদান কৰা পৰিচয় পত্ৰ হাতে হাতে লৈ নগাঁৱৰ পুৰণিগুদামত বাতৰি কাকত বিতৰণৰ বাবে ওলাল হকাৰ সকল ।নগাঁৱৰ পুৰণিগুদামত দুই এক অনাকাঙ্ক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈয়ো ভয় আৰু আতংকতৰ মাজতো বাতৰি কাকত বিলাই আহিছে হকাৰ সকলে ।

নগাঁৱৰ পুৰণিগুদামত বিগত ৫০ বছৰে বাতৰি কাকত যোগান ধৰি অহা শৰ্মা বুক এম্পৰিয়ামৰ স্বত্বাধিকাৰ গৰাকীয়ে জনোৱা ম’তে বাতৰি কাকতৰ বিক্ৰী বিশেষকৈ অসমীয়া প্ৰতিদিন কাকতৰ বিক্ৰী পুৰণিগুদাম অঞ্চলত নগণ্য সংখ্যকহে হ্ৰাস পাইছে বুলি জানিবলৈ দিছে ।

অসমীয়া প্ৰতিদিন কাকতে পৰিচয় পত্ৰ প্ৰদান কৰা সিদ্ধান্তই এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে বাতৰি কাকত বিতৰক সকলৰ বাবে ।আনহাতে এই সকল হকাৰে বিভিন্ন বাধাৰ সন্মুখীন হৈও ৰাইজক প্ৰতিটো বাতৰি যোগান ধৰিবৰ বাবে বাতৰি কাকত বিতৰণ কৰি গৈছে যদিও প্ৰশাসনৰ পৰা লাভ কৰা নাই কোনো সহযোগিতা ।

The post ‘অসমীয়া প্ৰতিদিন’ৰ পদক্ষেপঃ পৰিচয় পত্ৰ লৈ পুৱাই হকাৰ সকল ওলাল বাতৰি কাকত বিতৰণৰ বাবে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39qTytI
via IFTTT

Comments