কোৰোনাত আক্ৰান্ত ৰোগীৰ শুশ্ৰূষাত ব্যস্ত এগৰাকী নাৰ্চলৈ আহিল প্ৰধানমন্ত্ৰী মোডীৰ ফোন…VIDEO

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত শতাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। মহামাৰী কোৰোনাৰ এই সন্ত্ৰাসৰ সৈতে পাৰ্যমানে যুজঁ দিছে দেশৰ চিকিৎসক-নাৰ্চকে ধৰি অন্যান্য স্বাস্থ্যকৰ্মীসকলে। দিন-ৰাতি একাকাৰ কৰি স্বাস্থ্যকৰ্মীসকলে সকলো ৰোগীক যাতে আৰোগ্য কৰিব পৰা যায় তাৰবাৰে চেষ্টা অব্যাহত ৰাখিছে। আৰু তাৰেই ফলস্বৰপে দেশত প্ৰায় ৭৩ গৰাকী ৰোগী কোৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে।
সমৰ্পিত মনোভাৱেৰে, পৰিয়ালৰ পৰা আতৰি থাকি, নিজৰ জীৱনক বাজি লগাই কোৰোনা আক্ৰান্ত ৰোগীক চিকিৎসা কৰি থকা পুণেৰ নাইডু হস্পাতালৰ এগৰাকী নাৰ্চলৈ শুকুৰবাৰে সন্ধিয়াভাগত এটা ফোন আহিল। ইফালৰ পৰা সুধিলে, আপুনি চায়া জাগতপ হয়নে? নাৰ্চগৰাকীয়ে হয় বুলি সহাঁৰি দিয়াৰ লগে লগে ইফালৰ পৰা ক’লে আপোনাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কথা পাতিব বিচাৰে।
আচলতে নাৰ্চগৰাকীলৈ কৰা সেই ফোনকলটো আছিল প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ। পুণেৰ নাইডু হস্পাতালত বিগত ২০ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি থকা নাৰ্চ চায়া জাগতপৰ সৈতে প্ৰধানমন্ত্ৰীয়ে ৪ মিনিটৰো অধিক সময় কথা পাতিলে। কোৰোনাত আক্ৰান্ত ৰোগীয়ে কেনে ব্যৱহাৰ কৰে, পৰিয়ালৰ সদস্য সকলে কৰ্তব্যৰ পৰা যোৱা পাছত আপোনাৰ ওচৰলৈ সমীহ কৰে নেকি ইত্যাদি বহু প্ৰশ্ন নাৰ্চগৰাকীক কৰিলে প্ৰধানমন্ত্ৰীয়ে। সহজ-সৰলভাৱেই সকলো প্ৰশ্নৰ উত্তৰ দি গ’ল নাৰ্চগৰাকীয়ে।
প্ৰধানমন্ত্ৰীয়ে লগতে এই দুৰ্যোগৰ সময়ত এনেদৰে সেৱা আগবঢ়াই থকাৰ বাবে স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ জ্ঞাপনো কৰিলে। লগতে ক’লে, দেশসেৱাৰ বাবে আপোনালোকৰ এই ত্যাগ সকলোৱে মনত ৰাখিব। প্ৰধানমন্ত্ৰীৰ এই কথাৰ পাছতে নাৰ্চগৰাকীয়েও প্ৰধানমন্ত্ৰীক কোৰোনাৰ সৈতে দিয়া যুঁজখনৰ নেতৃত্ব লোৱাৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে। দেশবাসীক সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰখনে কৰা পৰিশ্ৰমৰো শলাগ লয় নাৰ্চগৰাকীয়ে। লগতে তেওঁ প্ৰধানমন্ত্ৰীক কয়, এই দুৰ্যোগৰ সময়ত আপুনিয়েই আমাৰ ভগৱান।
The post কোৰোনাত আক্ৰান্ত ৰোগীৰ শুশ্ৰূষাত ব্যস্ত এগৰাকী নাৰ্চলৈ আহিল প্ৰধানমন্ত্ৰী মোডীৰ ফোন…VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QRQYq0
via IFTTT
Comments
Post a Comment