লকডাউনত নুমলীগড়ত কৃষকৰ মাজত হাহাকাৰঃ শ শ বিঘা শস্য নষ্ট হৈছে পথাৰ…

ডিজিটেল সংবাদ, নুমলীগড়ঃ কোৰোনা মহামাৰীৰ বাবে দেশত দিয়া “লকডাউন” ত শ শ বিঘা শস্য নষ্ট হৈছে পথাৰত । মূৰৰ ঘাম মাটি কৰি, কৰা খেতি দৰাক লৈ নিদ্ৰা হৰণ হৈছে কৃষকৰ। কিয়নো কৰ’না মহামাৰীৰ বাবে দেশত দিয়া লক- ডাউনৰ ফলত কৃষকৰ পথাৰতে গেলিছে শস্য।
এই দৃশ্য নুমলীগড়ৰ সমীপৰ “নুমলীগড় ব্লক গাঁৱ” পথাৰৰ।গাঁওখনৰ কৃষকসকলে লাখ লাখ টকা খৰছ কৰি কৰা প্ৰায় ১৫০ বিঘা মাটিত জলকীয়া খেতি কৰিছিল। সেই অনুপাতে খেতিও ভাল হৈছিল।গছে গছে লমা লমে লাগিছিল জলকীয়া।
কিন্তু কৰ’না মহামাৰীৰ বাবে দেশত দিয়া লক ডাউনৰ ফলত খেতিতে পৰি ৰৈছে জলকীয়া।পকিছে গেলিছে।বিক্ৰী কৰিবলৈ নাই বজাৰ, নাই বেপাৰী। এতিয়া কৃষকৰ মাজত হাহাকাৰ অৱস্থা।বেংকৰ পৰা লোণ লৈ কৰা খেতিৰ ধাৰ মৰে কেনেকৈ আৰু বছৰটো চলে কেনেকৈ।এক কথাত এতিয়া পেটে- ভাতে মৰাৰ উপক্ৰম বহু কৃষকৰ।
The post লকডাউনত নুমলীগড়ত কৃষকৰ মাজত হাহাকাৰঃ শ শ বিঘা শস্য নষ্ট হৈছে পথাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/33XewyZ
via IFTTT
Comments
Post a Comment