আমেৰিকাত কোৰোনাত আক্ৰান্ত সংখ্যা ১ লাখ অতিক্ৰম…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছে ক্ৰমান্বয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে আমেৰিকাত। চীন, ইটালী, স্পেইনৰ তুলনাত দেশখনত মৃত্যু হোৱা লোকৰ সংখ্যা কম যদিও আক্ৰান্তই সংখ্যা হৈছে এই সকলো দেশতকৈ সৰ্বাধিক। শনিবাৰৰ পুৱা ৯ বজালৈকে আমেৰিকাত কোৰোনাত আক্ৰান্তৰ সংখ্যা হৈছে ১০৪,২০৫। অতি দ্ৰুতভাৱে কোৰোনাত আক্ৰান্ত ৰোগী সংখ্যা বৃদ্ধি পোৱা আমেৰিকাত এতিয়ালৈকে ১,৭০১ গৰাকী লোকৰ মৃত্যু হৈছে।

পৃথিৱীৰ অতিকৈ উন্নত দেশ হিচাপে আক্ৰান্তৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা আমেৰিকাত যথেষ্ট কম। ১ লাখৰো অধিক আক্ৰান্তৰ বিপৰীতে মাত্ৰ ২,৫২৫ গৰাকী ৰোগীকহে আৰোগ্য কৰিবলৈ সক্ষম হৈছে আমেৰিকা। বিগত ২৪ ঘন্টাত আমেৰিকাত প্ৰায় ১৮ হাজাৰ ব্যক্তি আক্ৰান্ত হৈছে কোৰোনাত।

The post আমেৰিকাত কোৰোনাত আক্ৰান্ত সংখ্যা ১ লাখ অতিক্ৰম… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ar12hs
via IFTTT

Comments