নিশাটোৰ ভিতৰতে কোৰোনাত আক্ৰান্ত হ’ল ১৩,১৫৭ গৰাকী…

ডিজিটেল ডেস্কঃ বিশ্বত দ্ৰুতহাৰত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। শনিবাৰে পুৱা ৯ বজালৈকে এই সংখ্যা হৈছেগৈ ৫৯৭,২৬৭ । ইফালে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২৭,৩৬৫ গৰাকী। আশাৰ বতৰা এইয়ে যে, বৰ্তমানলৈকে বিশ্বত মহামাৰী কোৰোনাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ১৩৩,৩৬৩ গৰাকী।
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা ১১.৫৯ মিনিটত সমগ্ৰ বিশ্বত কোৰোনাত আক্ৰান্তৰ সংখ্যা আছিল ৫৮৪১১০ গৰাকী। কিন্তু শনিবাৰে ৯ বজাত ইয়াৰ সংখ্যা ১৩,১৫৭ বৃদ্ধি পাই হলগৈ ৫৯৭,২৬৭ গৰাকী। ইফালে কোৰোনাত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত আছে প্ৰায় ২৩,৫৫৯ গৰাকী ৰোগী।
The post নিশাটোৰ ভিতৰতে কোৰোনাত আক্ৰান্ত হ’ল ১৩,১৫৭ গৰাকী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3bxipgI
via IFTTT
Comments
Post a Comment