লকডাউনৰ মাজতে ওদালগুৰিৰ ৰাজপথত কৰুণ দৃশ্য, বাহনৰ অভাৱত চিকিৎসালয়ৰ জাবৰ কঢ়িওৱা ঠেলাৰে নি মৃতদেহৰ সৎকাৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ভয়ংকৰ মহামাৰী কোৰোনা ভাইৰাছে বিশ্বজুৰি সন্ত্ৰাস অব্যাহত ৰাখিছে। ভাৰতবৰ্ষতো এই মাৰাত্মক ভাইৰাছ বিধত প্ৰায় আঠ শতাধিক লোক আক্ৰান্ত হোৱাৰ লগতে ২০ জনকৈ লোকৰ মৃত্যু হৈছে ভাইৰাছবিধত আক্ৰান্ত হৈ। এই মহামাৰী কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পাছত বিগত মঙলবাৰৰ মাজনিশা ১২ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ সৰ্বস্তৰৰ লোককে এই লকডাউন কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনাইছে।
অসমতো জনসাধাৰণে এই লকডাউন কাৰ্যসূচীলৈ ব্যাপক সহাৰি জনোৱা পৰিলক্ষিত হয়। সকলো চৰকাৰী-বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান, কাৰ্যালয় বন্ধ থকাৰ সমান্তৰালভাৱে জৰুৰীকালীন ব্যৱস্থাৰ বাহিৰে সকলো যান-বাহন বন্ধ হৈ পৰিছে। ইয়াৰ মাজতে আজি ওদালগুৰিৰ ৰাজপথত দেখা গ’ল এক কৰুণ দৃশ্য। বাহনৰ অভাৱত ৭২ ঘণ্টা চিকিৎসালয়ৰ মৰ্গত ৰখা এটি অভিভাৱকহীন শিশুৰ মৃতদেহ চিকিৎসালয়ৰ পৰা জাবৰ পেলোৱা ঠেলাগাড়ীৰে শ্মসানলৈ নি শেষ কৃত্য সম্পন্ন কৰা দেখা যায়।

এই হৃদয় বিদাৰক দৃশ্য নিজৰ বাসগৃহৰ পৰাই প্ৰত্যক্ষ কৰে একাংশ লোকে। প্ৰাপ্ত খবৰ অনুসৰি ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত ৰ’জ এনজিঅৰ শিশুগৃহত বিগত চাৰি মাহে আশ্ৰয় লৈ থকা মহম্মদ জাকিৰ (১৩) নামৰ এটি শিশুৰ হাপানি ৰোগত আক্ৰান্ত হৈ ২৮ মাৰ্চ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত মৃত্যু হয়। জানিব পৰা মতে, টংলা আৰক্ষীয়ে বিগত ২০১৯ চনৰ ৭ ডিচেম্বৰ তাৰিখে টংলা চহৰত অকলশৰীয়া অৱস্থাত মহম্মদ জাকিৰ নামৰ শিশুটিক উদ্ধাৰ কৰি উক্ত দিনাই ওদালগুৰি জিলা শিশু কল্যাণ সমিতিৰ ওচৰত হাজিৰ কৰি সমিতিৰ পৰামৰ্শ অনুসৰি টংলা ৰ’জ এনজিঅক শিশুটিৰ দায়িত্ব অৰ্পণ কৰে।
ইয়াৰ পৰৱৰ্তী সময়ত বিগত ফেব্ৰুৱাৰী তাৰিখে শিশুটি হাপানী ৰোগত আক্ৰান্ত হোৱাৰ কথা এনজিঅ’ কৰ্তৃপক্ষ অৱগত হয়। কিন্তু হাপানি ৰোগত আক্রান্ত শিশুটিৰ ৰোগ অধিক জটিল হোৱাত যোৱা ২৩ মাৰ্চ তাৰিখে প্ৰথমে টংলা চিকিৎসালয় আৰু পৰৱৰ্তী সময়ত চিকিৎসকৰ পৰামৰ্শ মতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত শিশুটিক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতেই ২৪ মাৰ্চ তাৰিখে শিশুটিৰ মৃত্যু হয়। পিছদিনা শিশুটিৰ মৃতদেহ গুৱাহাটীৰ পৰা আনি বিভাগীয় নিৰ্দেশ অনুসৰি ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি চিনাক্তকৰণ বাবে ৭২ ঘণ্টা মৰ্গত ৰখা হয়। কিন্তু বিগত ৭২ ঘণ্টা ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ মৰ্গত শিশুটিৰ মৃতদেহ চিনাক্ত নোহোৱাত সংশ্লিষ্ট নিয়মৰ মাজেৰে মৃতদেহটোৰ অন্তিম সৎকাৰ সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে এনজিঅ’ কৰ্তৃপক্ষই।

সেয়েহে মৃতদেহটো দেওবাৰে মৰ্গৰ পৰা উলিয়াই আনি ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ দুই চাফাই কৰ্মীৰ দ্বাৰা জাবৰ পেলোৱা ঠেলাৰে ওদালগুৰি সাপখাইটিস্থিত ৰাজহুৱা শ্মশানৰ পিছফালে লৈ যোৱা হয়। এই ঘটনা সন্দৰ্ভত অৱগত হৈ ঘটনাস্থলীত উপস্থিত হয় এটি সাংবাদিকৰ দল। মৃতদেহটোৰ লগত অহা ৰ’জ নামৰ এনজিঅ’টোৰ কৰ্মকৰ্তাক ঘটনা সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে, মৃতদেহটো আমি টংলালৈ নিয়াৰ যো-জা চলাইছিলো যদিও বৰ্তমান ৰাজ্যৰ লকডাউন পৰিৱেশৰ বাবে বাহনৰ অভাৱত এনেদৰে চিকিৎসালয়খনৰ সমীপৰ শ্মশানতেই কোনোৰকমে আনি সৎকাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত তেওঁ জিলা শিশু সুৰক্ষা সমিতিৰ গা এৰা মনোভাৱৰ বাবেই এনে কাৰ্য সংঘটিত হোৱাৰ কথাও সাংবাদিকৰ আগত মন্তব্য কৰে। ৰাজ্যজুৰি লকডাউন কাৰ্যসূচীৰ চলি থকাৰ মাজতে লকডাউনৰ প্ৰভাৱত এটি মৃতদেহৰ প্ৰতি কৰা অৱহেলাৰ ঘটনাই সকলোৰে মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এইক্ষেত্ৰত এনজিঅ’টোৰো নিস্ক্ৰিয়তাৰ অভিযোগ কৰে প্ৰত্যক্ষদৰ্শীয়ে।
The post লকডাউনৰ মাজতে ওদালগুৰিৰ ৰাজপথত কৰুণ দৃশ্য, বাহনৰ অভাৱত চিকিৎসালয়ৰ জাবৰ কঢ়িওৱা ঠেলাৰে নি মৃতদেহৰ সৎকাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dE9xYL
via IFTTT
Comments
Post a Comment