টোলগেটৰ বিৰুদ্ধে কৃষক মুক্তি-যুৱ ছাত্ৰ পৰিষদ, ৰাইজৰ প্ৰতিবাদ অথলে গ’ল, প্ৰতিবাদলৈ পিঠি দি পুৱাৰে পৰা আৰম্ভ টোল সংগ্ৰহ…

ডিজিটেল সংবাদ, ৰহাঃ দেওবাৰৰ পুৱাৰ পৰা আৰম্ভ হ’ল বহু বিতৰ্কিত ৰহাৰ টোলগেট। পুৰোহিতৰ মন্ত্ৰোচাৰণত পুৱাই টোলগেটত ব্যস্ত পৰিৱেশ। দেওবাৰে পুৱা প্ৰায় ৮ বজাৰ পৰা মুকলি হ’ল ৰহাৰ টোলগেট৷ উল্লেখ্য যে, পূৰ্বেও দুবাৰকৈ টোলগেটখন মুকলি কৰা হৈছিল যদিও বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদত টোলগেটখন বন্ধ কৰিবলৈ বাধ্য হৈছিল।

MB Consortiumনামৰ কোম্পেনীয়ে দায়িত্ব লাভ কৰা টোলগেটখনৰ মাচুল নিৰ্ধাৰণ কৰা হৈছে ক্ৰমে লঘু মটৰ বাহনৰ ক্ষেত্ৰত এবাৰ যাত্ৰা কৰাৰ বাবে ১০০ টকা, লঘু বাণিজ্যিক বাহনৰ বাবে ১৬০ টকা, ট্ৰাক- বাছ আদিৰ বাবে ৩৩৫ টকা, তিনি এক্সেল যুক্ত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত ৩৬৫ টকা, অতি বিশাল বাহনৰ বাবে ৬৩৫ টকা।

আনহাতে টোলগেট স্থাপন হোৱা জিলাৰ পঞ্জীয়ন থকা বাহন সমূহে পঞ্চাশ শতাংশ টোল দিব লাগিব বুলি জানিব পৰা গৈছে৷ ইপিনে সাম্ভাৱ্য আপদৰ বাবে সাজু কৰা হৈছে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী।

The post টোলগেটৰ বিৰুদ্ধে কৃষক মুক্তি-যুৱ ছাত্ৰ পৰিষদ, ৰাইজৰ প্ৰতিবাদ অথলে গ’ল, প্ৰতিবাদলৈ পিঠি দি পুৱাৰে পৰা আৰম্ভ টোল সংগ্ৰহ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/397SxY2
via IFTTT

Comments