আৱেগক আঘাত কৰা মোৰ উদ্দেশ্য নাছিলঃ অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰা অভিনেত্ৰীৰ প্ৰতিক্ৰিয়া…

- অসমৰ গামোচাক অপমান কৰা বলিউদ অভিনেত্ৰী য়ামী গৌতমে শেহতীয়াকৈ এই বিষয়চত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
- টুইটাৰযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বলীউদৰ অভিনেত্ৰীগৰাকীয়ে।
- টুইটাৰত অভিনেত্ৰীগৰাকীয়ে লিখিছে – ‘মোৰ প্ৰতিক্ৰিয়া কেৱল আত্মৰক্ষা আছিল।
- এগৰাকী মহিলা হিচাপে, কোনো লোক বেছি ওচৰ চাপি আহিলে যদি মই অসহজ বোধ কৰো।
- মই বা আন ছোৱালীৰ সেয়া প্ৰকাশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে।

- কাৰো আবেগক আঘাত কৰা মোৰ উদ্দেশ্য নাছিল।
- কিন্তু যিকোনো প্ৰকাৰে অনুচিত ব্যৱহাৰৰ বিৰুদ্ধে মাত মতা প্ৰয়োজন।
- উল্লেখ্য যে, দেওবাৰে গুৱাহাটীলৈ অহাৰ সময়ত বলীউদৰ অভিনেত্ৰী য়ামী গৌতমে বিমানবন্দৰত এজন অনুৰাগীয়ে গামোচাৰে আদৰণি জনাবলৈ লওঁতে গামোচা পিন্ধিবলৈ অসন্মতি প্ৰকাশ কৰিছিল।
- অসমীয়াৰ স্বাভিমান গামোচাক এইদৰে অপমান কৰাক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
The post আৱেগক আঘাত কৰা মোৰ উদ্দেশ্য নাছিলঃ অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰা অভিনেত্ৰীৰ প্ৰতিক্ৰিয়া… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TeGKll
via IFTTT
Comments
Post a Comment