মঙলদৈত কিষাণ ঋণ পত্ৰ বিতৰণৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, মঙলদৈঃ কিষাণ ঋণ পত্ৰৰ বাবে আবেদন জনোৱা প্ৰধানমন্ত্ৰী কিষাণ হিতাধিকাৰীসকলক শনিবাৰে আনুষ্ঠানিকভাৱে কিষাণ ঋণ পত্ৰ (কে চি চি) বিতৰণৰ শুভাৰম্ভ কৰা হয়। জিলা উন্নয়ন আয়ুক্ত চুইটি গগৈ কলিতাই মঙলদৈ ষ্টেট বেংক শাখাত অনুষ্ঠিত কৰা এখন সভাত কিষাণ ঋণ পত্ৰৰ অনুমোদন পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে। বেংকৰ মহাপ্ৰৱন্ধক অৰূপজ্যোতি দাস, সহকাৰী মহাপ্ৰৱন্ধক উদয়ণ চক্ৰৱৰ্তী, জিলা তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈকে প্ৰমুখ্য কৰি ভালেসংখ্যক প্ৰধানমন্ত্ৰী কিষাণ হিতাধিকাৰী উপস্থিত থকা এই সভাত কিষাণ ঋণ পত্ৰৰ অনুমোদন পত্ৰ বিতৰণ কৰি জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে সকলো প্ৰধানমন্ত্ৰী কিষাণ হিতাধিকাৰীক চৰকাৰে আগবঢ়োৱা এই ঋণৰ সুবিধা লৈ নিজকে প্ৰতিষ্ঠিত তথা আত্মনিৰ্ভৰশীল হ’বলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, কৃষিৰ উপৰি মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগত জড়িত লোকসকলকো কিষাণ ঋণ পত্ৰ প্ৰদান কৰা হ’ব। ইচ্ছুক প্ৰধানমন্ত্ৰী কিষাণ হিতাধিকাৰীয়ে ৩ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰিব। ইতিমধ্যে জিলা উপায়ুক্ত ঘনশ্যাম দাস আৰু বেংক প্ৰৱন্ধক তথা সহযোগী বিভাগসমূহৰ মাজত এই সম্পৰ্কত কেবাখনো সভা অনুষ্ঠিত কৰা হৈছে আৰু বেংক প্ৰৱন্ধক আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক তেওঁ প্ৰধানমন্ত্ৰী কিষাণ হিতাধিকাৰীৰ এশ শতাংশই যাতে ঋণৰ সুবিধা লাভ কৰে, তাৰ নিশ্চয়তাৰ বাবে অধিক ক্ষীপ্ৰতাৰে কাম কৰিবলৈ আহ্বান জনাইছে।

The post মঙলদৈত কিষাণ ঋণ পত্ৰ বিতৰণৰ শুভাৰম্ভ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aiDTxq
via IFTTT
Comments
Post a Comment