১মিনিটত ২৫খবৰ…

১. ডিমা হাছাওত চাঞ্চল্যকৰ ঘটনা। দুৰ্বৃত্তই জ্বলাই দিলে ৫খন কয়লা কঢ়িওৱা ট্ৰাক। ট্ৰাকলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ।
২. ১ ছেপ্টেম্বৰৰ পৰা চলিব আন্তঃজিলা দূৰণিবটীয়া বাছ। গুৱাহাটীলৈ যাতায়াত কৰিব পাৰিব নৈশ বাছ সেৱা। পথৰ কাষৰ ধাবাসমূহ বন্ধ কৰিব লাগিব নিশা ৮ বজাত।
৩. এই ভৰবাৰিষাতো বৰ ধুনীয়া হৈ আছে কাজিৰঙা। বিগত বৰ্ষসমূহত ৰাষ্ট্ৰীয় উদ্যানখন এই সময়ছোৱাত বানত প্লাৱিত হৈ আছিল।
৪. কাল কৰোনাৰ বাবে বিগত কেইবামাহো ধৰি বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহৰ দুৱাৰ পৰ্যায়ক্ৰমে খোলাৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ কেবিনেটে।
৫. AIUDF এৰি বিজেপিত যোগ দিয়াৰ কথা মুকলি কৰিলে ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে।
৬. দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা। এইবাৰ বিস্ফোৰণত কঁপিল কাবুল বিমানবন্দৰৰ সমীপৰ বাৰুন হোটেল
৭. ধুবুৰীত P&RD গোচৰৰ অভিযুক্ত দুই অভিযন্তাক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ অভিযন্তা ছাদ্দাম হুছেইন আৰু আব্দুল্লাহ আল মাছুদ মোল্লা।
৮. আফগানিস্তানৰ কাবুল বিমানবন্দৰৰ বাহিৰত বিস্ফোৰণ। প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল কাবুল বিমানবন্দৰ।
৯. বদ্ৰীপ্ৰসাদ বাৰোৱতিসহ ৫ জনক জামিন বিশেষ ন্যায়াধীশৰ আদালতৰ। সৰস্বতী হাচনু, ৰাম অবতাৰ মোহন্দি, মনোজ শ্বাহা, আৰামান আলীকো জামিন।
১০. বিশ্বৰ আটাইতকৈ মূল্যবান তেজস্ক্ৰিয় পদাৰ্থ বিধৰ চাৰিটা টুকুৰা উদ্ধাৰ হৈছে কলকতা বিমান বন্দৰৰ কাষত। কেলিফ’ৰ্নিয়ামৰ এই চাৰিটা টুকুৰাৰ বজাৰ মূল্য প্ৰায় ৪ হাজাৰ ২৫৮ কোটি ৫০ লাখ টকা।
১১. কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভৰ পিছত প্ৰথমবাৰলৈ মাজুলীত সৰ্বানন্দ সোণোৱাল উপস্থিত হয়গৈ। মাজুলীত উপস্থিত হৈয়ে সমষ্টিবাসীক সুখবৰ দিলে কেন্দ্ৰীয় মন্ত্ৰীজনে।
১২. কামৰূপ মেট্ৰ’ত বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা হৈছে কৰোনাৰ সম্পূৰ্ণ টীকাকৰণৰ অভিযান। প্ৰতিটো ভোটকেন্দ্ৰতে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে।
১৩. অসম ক্ৰিকেট সন্থাক বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ গাতে লাগি থকা ৯ বিঘা চৰকাৰী মাটি আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে।
১৪. দুখন ৰাজ্যৰ আৰক্ষীক জ্বলা-ক’লা খুওৱা মাষ্টাৰমাইণ্ড অমৰ গুলীবিদ্ধ। এগৰাকী মহিলাৰ গৃহত আশ্ৰয় লৈ থাকোঁতেই অমৰ আৰু সমীৰণক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
১৫. গুৱাহাটীৰ পিছত এচিএছ বিষয়া ছাইবৰক লগত লৈ চি এম ভিজিলেন্সৰ দল ৰাওনা হৈছিল বৰপেটালৈ।
১৬. ৰাজ্য জোকাৰি গৈছে নন্দিতা শইকীয়াৰ অকাল মৃত্যুৰ ঘটনাই। শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ধেমাজি-ঢকুৱাখনাত।
১৭. বানৰ সমান্তৰালভাৱে ৰাজ্যত অব্যাহত খহনীয়াৰ কালৰূপ। চন্দ্ৰপুৰৰ দুমপাৰাত নৈত জাহ গ’ল বাসগৃহ।
১৮. এফালে বাছ-মালিক তথা পৰিবহণ সংস্থাৰ দাবী। বৃদ্ধি কৰা হ’ব ৫০ শতাংশ ভাড়া। আনফালে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কঠোৰ নিৰ্দেশ কোনোপধ্যে বৃদ্ধি নহ’ব বাছ ভাড়া।
১৯. পুনৰ দেশত ভয়ংকৰ ৰূপ লৈছে কৰোনা মহামাৰীৰ সংক্ৰমণে। বিগত ২৪ ঘণ্টাত নতুনকৈ ৪৬ হাজাৰৰো লোক আক্ৰান্ত হ’ল কোভিডত।
২০. ৰাজ্যত অব্যাহত বানৰ তাণ্ডৱ। চিয়াঙৰ পিছত এইবাৰ চিলে নৈয়ে বুৰালে জোনাই।
২১. পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। ধেমাজিৰ নন্দিতাৰ ঘটনাৰ অন্ত নপৰোতেই পুনৰ গুৱাহাটীতে এইবাৰ ভয়ংকৰ ঘটনা।
২২. কামৰূপৰ শ্ৰীহাটত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। বন বিভাগে উদ্ধাৰ কৰি লৈ গ’ল অজগৰটোক।
২৩. মধ্য অসমৰ আয়ুসৰেখা কলং। কিন্তু কলঙক যেন ধ্বংস কৰাৰ ষড়যন্ত্ৰ একাংশ মাংস বেপাৰীৰ।
২৪. মেধাৱী ছাত্ৰী নন্দিতাৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য- নন্দিতা শইকীয়াৰ হত্যাকাৰীক ফাঁচিৰ দাবী ৰাইজ, দল-সংগঠনৰ।
২৫. ৰাজপথত মহিলাৰ ৰণচণ্ডী ৰূপ। চেণ্ডেল খুলি উত্তম মধ্যম সোধালে যুৱকক। মতিউৰ ৰহমান নামৰ যুৱকজনে আঁচনি দিয়াৰ প্ৰলোভনেৰে পইচা সৰকাইছিল মহিলাগৰাকীৰ পৰা
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3gBbt7e
via IFTTT
Comments
Post a Comment