লাভ জেহাদ! বিবাহিতা মহিলাক পলুৱাই নি ৰঙাঘৰৰ আলহী হ’ল এনামুল হক…

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙত পুনৰ লাভ জেহাদৰ বলি বিবাহিতা মহিলা। মঙলদৈ সদৰ থানাৰ অন্তৰ্গত গেৰিমাৰী গাঁৱৰ চাৰি বছৰীয়া এটি সন্তানৰ মাক এগৰাকী ফেচবুকত প্ৰেমৰ সম্পৰ্কৰে পলুৱাই নি গ্ৰেপ্তাৰ হ’ল এজন যুৱক ৷ ৬-৭-২১ তাৰিখে মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত উৰালকাটা গাঁৱৰ এনামুল হক নামৰ যুৱক এজনে দৰঙৰ গেৰিমাৰিৰ বিবাহিতা হিন্দু মহিলা এগৰাকীক প্ৰেমৰ জালেৰে পলুৱাই লৈ যায়৷

এই ঘটনাৰ পিছতে দৰং জিলা মহিলা সমিতিৰ সহযোগত পূব গেৰিমাৰী মহিলা সমিতিৰ তৎপৰতাত আৰু পৰিয়ালৰ লোকে এই সন্দৰ্ভত মঙলদৈ আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিত মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়া ৰ নেতৃত্বত মঙলদৈ আৰক্ষীয়ে মৈৰাবাৰী থানাৰ অন্তৰ্গত উৰালকাটা গাঁৱৰ পৰা মহিলা গৰাকীক উদ্ধাৰ কৰাৰ লগতে যুৱকজনক গ্ৰেপ্তাৰ কৰে৷ সম্প্ৰতি মঙলদৈ আৰক্ষীৰ জিম্মাত আছে যুৱকসহ মহিলা গৰাকী৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3B8oHjI
via IFTTT

Comments