কৃষক আন্দোলনত নিহতৰ নিকটাত্মীয়লৈ পঞ্জাৱ চৰকাৰৰ চাকৰি…

ডিজিটেল ডেস্কঃ পঞ্জাৱ চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ এখন কেবিনেট বৈঠকত কৃষি আইনৰ বিৰুদ্ধে সংগ্ৰামৰ সময়ত প্ৰাণ হেৰুওৱা কৃষকসকলৰ ১০৪ জন উত্তৰাধিকাৰীক চাকৰি প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰিও, ৰাজ্যখনৰ কৃষকসকলৰ পৰিয়ালক চৰকাৰী নিযুক্তি প্ৰদান কৰিবলৈও কোৱা হৈছে।

কেবিনেটৰ ভাৰ্চুৱেল বৈঠকত মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কয় যে, কৃষি আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত প্ৰাণ হেৰুওৱা সকলো কৃষকৰ পৰিয়ালক চাকৰি দিয়াটো তেওঁ বিচাৰে। এই নিযুক্তি কাৰ্যকৰী কৰিবলৈ ২০০২ চনৰ ২১ নৱেম্বৰত চৰকাৰী কৰ্মচাৰী আৰু দেশৰ নিৰাপত্তাৰ বাবে যুঁজ দিয়া সকলৰ বাবে প্ৰস্তুত কৰা নীতিৰ পৰিৱৰ্তনৰো ব্যৱস্থা কৰা হৈছে। যাতে কৃষকসকলৰ পৰিয়ালক নিযুক্তি কৰাৰ বাবে সুবিধা হয়।

আন্দোলনত মৃত কৃষকৰ পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ পঞ্জাৱৰ মুখ্য সচিব বিন্নী মহাজনৰ নেতৃত্বত এখন সমিতি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গঠন কৰা হৈছে। জানিব পৰা মতে পঞ্জাৱ চৰকাৰে সামগ্ৰী বিভাগ আৰু কৃষি বিভাগত মৃত কৃষকসকলৰ পৰিয়ালৰ সদস্যসকলক চাকৰি প্ৰদান কৰিব।

ইউনাইটেড কিষাণ মৰ্চাৰ নেতা আৰু কীৰ্তি কিষাণ ইউনিয়নৰ উপ-সভাপতি জিতিন্দৰ সিং, দীপ সিং ৱালাই কয় যে, চৰকাৰৰ এই সিদ্ধান্তক কেৱল চৰকাৰৰ ললিপপ হিচাপেহে গণ্য কৰিব পাৰি। চৰকাৰে এতিয়ালৈকে ঘোষণা কৰা ৫ লাখ টকাৰ আৰ্থিক সাহায্য বেছিভাগ পৰিয়ালেই লাভ কৰা নাই। ইউনাইটেড কিষাণ মৰ্চাই ৬০০ জন কৃষকৰ মৃত্যু নিশ্চিত কৰিছে। সেয়েহে, তেওঁলোকৰ সকলোৰে পৰিয়ালৰ সদস্যসকলে চাকৰি পাব লাগে।

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা কৃষি আইনৰ বিৰুদ্ধে যোৱা বছৰ ২৬ নৱেম্বৰত দিল্লীত কৃষকসকলে ট্ৰেক্টৰেৰ প্ৰতিবাদ কৰিছিল। কেৱল সেয়াই নহয় কৃষকসকলে প্ৰায় ৮ মাহ ধৰি দিল্লীৰ বিভিন্ন সীমাত বৰ্তমানেও প্ৰতিবাদ কৰি আছে। এই প্ৰতিবাদত এতিয়ালৈকে ৬০০ জন কৃষকৰ মৃত্যু হৈছে। তেওঁলোকৰ বেছিভাগেই অসুস্থতা আৰু পথ দুৰ্ঘটনাত নিহত হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3sOp4NA
via IFTTT

Comments