কাবুল বিমান বন্দৰত বিস্ফোৰণঃ ৪০ জনৰো অধিক নিহত, ৩০ আগষ্টলৈ অৰ্ধনমিত হ’ব হোৱাইট হাউচত থকা আমেৰিকাৰ পতাকা..

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ কাবুলত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত সকলক সন্মান জনোৱাৰ বাবে আগন্তুক ৩০ আগষ্টৰ সন্ধিয়ালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকা অৰ্ধনমিত কৰা হ’ব। হোৱাইট হাউচৰ পৰা এই বিষয়ে প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে, তালিবানৰ কবলত থকা সমগ্ৰ আফগানিস্তানৰ লগতে কাবুলৰ চৌদিশে হাহাকাৰ পৰস্থিতি। তাৰমাজতে স্বদেশলৈ উভতি যাবলৈ কাবুল বিমান বন্দৰত বিদেশী নাগৰিকে বিৰ কৰিছে। সমান্তৰালকৈ আফগানিস্তান এৰিবলৈ বিমান বন্দৰতভিৰ কৰিছে আফগান লোকেও।

এনে এক পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে নিশা কাবুল বিমান বন্দৰত আইছিছ সন্ত্ৰাসবাদীয়ে দুটাকৈ আত্মঘাতী বিস্ফোৰণ সংঘটিত কৰে। এই বিস্ফোৰণত ৪০ জনতকৈও অধিক লোক নিহত হৈছে। আহত হৈছে শতাধিক লোক। উল্লেখ্য যে আইছিছি সন্ত্ৰাসবাদী সংগঠনটো তালিবানৰ বিৰোধী। সেয়েহে কাবুল বিমান বন্দৰৰ মূল প্ৰৱেশদ্বাৰৰ গে’টৰ সন্মুখতে সংঘটিত হোৱা এই আত্মঘাতী বিস্ফোৰণত আইছিছ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

দুটাকৈ আত্মঘাতী বিস্ফোৰণ সংঘটিত হোৱা বিমানবন্দৰটোৰ মূল প্ৰৱেশদ্বাৰত আমেৰিকা আৰু বৃটিছ সেনাৰ দখলত আছিল। আনহাতে এই প্ৰৱেশদ্বাৰত তালিবানৰো প্ৰহৰী আছিল। বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত প্ৰৱেশদ্বাৰেৰে বহু লোক বিমানবন্দৰলৈ প্ৰৱেশ কৰিবলৈ অপেক্ষাত আছিল। সেয়েহে এই বিস্ফোৰণত কেইবাজনো মাৰ্কিন সেনাৰ লগতে বৃটিছ সেনাৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে। তেওঁলোকৰ লগতে আ বহুতো সাধাৰণ লোকৰ উপৰিও তালিবানৰো কেইবাজনো সদস্য নিহত আৰু আহত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

আনহাতে দ্বিতীয়টো আত্মঘাতী বিস্ফোৰণ সংঘটিত হয় মূল প্ৰৱেশদ্বাৰৰ কাষতে থকা এখন হোটেলত। এই বিস্ফোৰণৰ ফলতো বহু কেইজন লোক নিহত হোৱাৰ লগতে আহত হৈছে। উল্লেখ্য যে আইছিছ সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি পূৰ্বেই আমেৰিকাৰ প্ৰশাসনে সকিয়নী প্ৰদান কৰিছিল।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3gBryKh
via IFTTT

Comments