নন্দিতা শইকীয়াৰ ন্যায়ৰ দাবীত ধেমাজিত তিনিখন মহাবিদ্যালয়ৰ প্ৰতিবাদী সমদল…

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা ছাত্র সন্থাৰ আহ্বানত বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত ধেমাজি আৰক্ষী থানাৰ তিনি আলিস্হিত জিলা ছাত্ৰ সন্হাৰ শ্বহীদ বেদীৰ প্ৰাংগনত প্ৰয়াত নন্দিতা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ ধেমাজি জিলা ছাত্ৰ সন্হাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিকৰ লগতে মৰিধল মহাবিদ্যালয়, ধেমাজি মহাবিদ্যালয়, ধেমাজি বাণিজ্য মহাবিদ্যালয় আৰু ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয় ছাত্র একতা সভাৰ উদ্যোগত প্ৰয়াত নন্দিতা শইকীয়াৰ ন্যায়ৰ দাবীত ধেমাজি নগৰত প্ৰায় তিনি শতাধিক ছাত্ৰ -ছাত্ৰী ৰাইজে মৌন সমদলৰে প্ৰতিবাদ জনোৱা হয় । কাৰ্য্যসূচীৰ অন্তত এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷

ধেমাজি মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সভানেত্ৰী জাচিংফা গগৈয়ে আতঁ ধৰা প্ৰতিবাদী সভাত সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মাই কয় যে, নন্দিতা শইকীয়াৰ মৃত্যুত সমগ্ৰ অসমৰ ছাত্র সমাজ শোকত ভাগি পৰিছে ৷ মহাবিদ্যালয়ৰ ইউনিফৰ্মত থকা এগৰাকী ছাত্রীক বৰ্বৰ ভাৱে হত্যা কৰা হ’ল ৷ এই ঘটনাৰ লগত জড়িত মৰিধল মহাবিদ্যালয়খনৰ চতুৰ্থ শ্ৰেনী কৰ্মচাৰী তথা উদ্মাদ যুৱক ৰিন্টু শৰ্মাক কঠোৰৰ পৰা কঠোৰতম শাস্তি আইনে প্ৰদান কৰিবই লাগিব বুলি দাবী কৰে ৷ সমগ্ৰ ৰাজ্যৰ ছাত্র সমাজৰ প্ৰতিবাদৰ ওচৰত সেও মানি চৰকাৰে বৃহস্পতিবাৰে ফাষ্টট্ৰেক আদালতত এই ঘটনাৰ বিচাৰ কৰা কথা চৰকাৰে ইতিমধ্যে ঘোষনা কৰিছে ৷ এইয়া কেৱল ঘোষণাতে নাথাকি গৃহ বিভাগে অতি শীঘ্ৰেই চাৰ্জচিট প্ৰদান কৰি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ তেওঁ দাবী জনায় । জিলা ছাত্ৰ সন্হাৰ সভাপতি গৰাকীয়ে কাস্মিনা দত্ত আৰু তেওঁৰ পিতৃ দেৱ দত্তকো উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক দাবী জনায় ।

ধেমাজি মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সভানেত্রী জাচিংফা গগৈয়ে নন্দিতাৰ মৃত্যুৰ পিছত একাংশ সংবাদ মাধ্যমে নন্দিতা আৰু ঘাটক ৰিন্টুক লৈ অতি নিকৃস্ট মানদণ্ডৰ বাতৰি প্ৰচাৰ কৰি থকাত ক্ষোভ প্ৰকাশ কৰে । এনেধৰণৰ বাতৰিয়ে নন্দিতাক ন্যায় দিয়াৰ পৰিৱৰ্তে এনে ধৰণৰ ঘটনাক উদগণি হে যোগাব বুলি তেওঁ ব্যক্ত কৰে ।

মৰিধল মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক দিপক দত্তই অনতিপলমে নন্দিতাৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনাই বক্তব্য প্ৰদান কৰে ৷ একেদৰে প্ৰতিবাদী সভাত ধেমাজি আঞ্চলিক ছাত্ৰ সন্হাৰ ভাৰ প্ৰাপ্ত সভাপতি ভূপেন শইকীয়া , সম্পাদক কৰুণজ্যোতি চেতিয়া , ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভানেত্ৰী লীনা কাকতি ,সম্পাদক যদু পাংগিং , ঢকুৱাখনাৰ হাহিঁ মহাবিদ্যালয়ৰ সম্পাদক পিংকু গোস্বামী , সভাপতি অবিনাশ শইকীয়াৰ লগতে বহুকেই গৰাকী ছাত্ৰ- ছাত্ৰীয়ে বক্তব্য ৰাখি অতি শীঘ্ৰেই নন্দিতাৰ ন্যায় বিচাৰে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3kohhSK
via IFTTT

Comments