পুনৰ অশান্ত ডিমা হাছাও, উগ্ৰপন্থিৰ নৃশংসতাঃ ৫ ট্ৰাক চালক অগ্নিদগ্ধ..

ডিজিটেল ডেস্কঃ পুনৰ উত্তপ্ত হৈ পৰিল ডিমা হাছাও। বৃহস্পতিবাৰে নিশা ডিমা হাছাওত উগ্ৰপন্থীয়ে ট্ৰাক চালকলৈ লক্ষ্য কৰি গুলী চালনা কৰাৰ লগতে ট্ৰাকত অগ্নি সংযোগ কৰাৰ ফলত ৫ জন ট্ৰাক চালক নিহত হৈছে।
বৃহস্পতিবাৰে নিশা ৮ঃ৩০ বজাত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডি এন এল এ উগ্ৰপন্থী সংগঠনে নিশা দৈয়াংমুখ আৰক্ষী থানাৰ পৰা ৫ কিলোমিটাৰ নিলগৰ ৰেঞ্জাৰবিলত সংঘটিত কৰিছে এই ঘটনা।
ডিমা হাছাওৰ ওমৰাংচুৰ পৰা আহি থকা ট্ৰাক কেইখনৰ ভিতৰত আছিল এখন কয়লা সৰবৰাহ কৰা ট্ৰাক আৰু আনকেইখন লংকাৰ ডালমিয়া কোম্পানীৰ কয়লা, ক্লিংকাৰ কঢ়িওৱা ট্ৰাক।
উগ্ৰপন্থি সংগঠনটোৱে নিশা এই ট্ৰাক কেইখনক আক্ৰমণ কৰি গুলী চালনা কৰাৰ লগতে ট্ৰাকৰ ভিতৰতে চালক কেইজনক আৱদ্ধ কৰি জ্বলাই দিয়ে। ফলত ট্ৰাকতে অগ্নিদগ্ধ হয় চালক কেইজন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/38f6dBI
via IFTTT
Comments
Post a Comment