৮০ মিটাৰ উচ্চতাৰ পৰা খহি পৰিল বিকল লিফ্টঃ ৩ অভিযন্তাসহ ৪ জনৰ মৃত্যু…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ঝাৰখণ্ডৰ কোডাৰ্মাৰ তাপ বিদ্যুৎ উপ কেন্দ্ৰ প্ৰকল্পত (কেটিপিএছ) এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। প্ৰকল্পৰ এটা লিফ্টটো ৮০ মিটাৰ উচ্চতাৰ পৰা বিকল হোৱাৰ ফলত লিফ্টত থকা এমডি আৰু ব্যক্তিগত কোম্পানীৰ ৩ জন অভিযন্তা খহি পৰে। আনহাতে তাপ প্ৰকল্পৰ চিমনি তৈয়াৰ কৰাত নিয়োজিত ১০০ তকৈও অধিক শ্ৰমিক লিফ্ট খহি পৰাৰ বাবে ওপৰৰ মহলাত আৱদ্ধ হৈ পৰে। অৱশ্যে তেওঁলোকক উদ্ধাৰ কৰা হৈছে।
মনকৰিবলগীয়া যে, দামোদৰ ভেলী কৰ্পোৰেচনৰ জয়নগৰৰ বাঞ্জেদিহ অঞ্চলত এটা তাপ বিদ্যুৎ উপ কেন্দ্ৰ আছে। এই কেন্দ্ৰত শ্ৰী বিজয়া কনষ্ট্ৰাকচনছ নামৰ এটা কোম্পানীয়ে ১৫০ মিটাৰ ওখ চিমনি নিৰ্মাণ কৰি আছে। কোম্পানীটোৰ এমডি আৰু তিনিজন অভিযন্তা প্ৰায় ৮০ মিটাৰ সম্পূৰ্ণ হোৱা নিৰ্মাণৰ হিচাপ ল’বলৈ লিফ্টলৈ ওপৰলৈ গৈছিল। পৰিদৰ্শনৰ পিছত উভতি অহাৰ পথত, লিফ্টৰ তাঁৰ হঠাতে ভাঙি পৰে আৰু সকলো তললৈ বাগৰি পৰে
ঘটনাত আহতসকলক আনান-ফানানৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও বাটত এম ডিসহ ৩ জন অভিযন্তাৰে মৃত্যু হয়। এই ঘটনাৰ পিছতে কোডাৰ্মাৰ তাপ বিদ্যুৎ উপ কেন্দ্ৰ প্ৰকল্পৰ মুখ্য অভিযন্তা উদয় কুমাৰৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে। সমিতিখনে দুৰ্ঘটনাটোৰ কাৰণ তদন্ত কৰিব।
ঘটনাত মৃতসকলৰ ভিতৰত নাগপুৰৰ বিজয়া নিৰ্মাণ বিভাগৰ ৪২ বছৰীয়া এমডি কৃষ্ণ প্ৰসাদ কোদালী, গয়া কোম্পানীৰ প্ৰকল্প প্ৰৱন্ধক ৩০ বছৰীয়া নবীন কুমাৰ, কৰ্ণাটকৰ অভিযন্তা কাৰ্তিক সাগৰ আৰু বছৰীয়া ড০ বিনোদ চৌধুৰী নামৰ এগৰাকী ব্যক্তি। এই আটইকেইজনেই তিলাইয়া চহৰৰ এটা ভাড়াঘৰত বাস কৰিছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3gBit4i
via IFTTT
Comments
Post a Comment