গৰৈমাৰীত চোৰাং কাঠ জব্দ…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী বজাৰত বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাত বন বিষয়াই অতৰ্কিতভাৱে অভিযান চলাই ভালেখিনি চোৰাং ফলা কাঠ জব্দ কৰিবলৈ সমৰ্থ হয়৷ জানিব পৰা মতে, পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ নিৰ্দেশমৰ্মে বকোৰ বন বিষয়া ৰৌফ আহমেদৰ নেতৃত্বত গৰৈমাৰী সাপ্তাহিক বজাৰত বৃহস্পতিবাৰে আকস্মিকভাৱে অভিযান চলায়৷
বন বিভাগৰ অভিযানকালত গৰৈমাৰী বজাৰত বিক্ৰীৰ বাবে অনা মূল্যৱান চোৰাং ফলা কাঠখিনি জব্দ কৰে৷ অভিযানত কুকুৰমাৰা বীট অফিচৰ ধৰ্মেন্দ্ৰ বৰুৱাৰ লগতে শিংৰা, বকো, কুকুৰমাৰাৰ বনকৰ্মীয়ে অংশগ্ৰহণ কৰে৷ অভিযানকাৰী দলটোৱে জব্দকৃত চোৰাং কাঠখিনি বকো বন বিভাগৰ কাৰ্যালয়লৈ নিয়া বুলি জানিব পৰা গৈছে৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3DdrcmR
via IFTTT
Comments
Post a Comment