আফগানিস্তানত সাংবাদিকক হত্যা কৰিলে তালিবানে!

ডিজিটেল ডেস্কঃ আফগানিস্তানক তালিবানে দখল কৰাৰ পাছৰে পৰা হিংসাত্মক ঘটনাৰ খবৰ প্ৰায়ে লাভ কৰি থকা হৈছে। আফগানিস্তানৰ আগশাৰীৰ সংবাদ গোষ্ঠী ট’ল’ নিউজৰ এজন সাংবাদিকক তালিবানৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰিছে। টুইটাৰযোগে ট’ল’ নিউজে কয় যে- জিয়াৰ খান নামৰ সাংবাদিকজনক হত্যা কৰিছে তালিবানৰ সন্ত্ৰাসবাদীয়ে।

লক্ষণীয় যে, ট’ল’ নিউজৰ টুইটাৰটোৰ পাছতে সাংবাদিক গৰাকীয়েও সংবাদ মাধ্যমযোগে কয় যে- ‘মোক হত্যা কৰা হোৱা নাই। কিন্তু বাতৰি সংগ্ৰহ কৰাৰ সময়তে তালিবানৰ সন্ত্ৰাসবাদীয়ে বাধা দিয়ে। মোৰ লগতে ফটো সাংবাদিকজনকো মাৰপিট কৰে আৰু আমাৰ কেমেৰাৰ লগতে ফোন কাঢ়ি লৈ যায়। একাংশ লোকে মোৰ হত্যা কৰা বুলি কৈছে, কিন্তু সেয়া সত্য নহয়। তালিবানৰ সন্ত্ৰাসবাদীয়ে অস্ত্ৰ-শস্ত্ৰ লৈ আহি মোক বাতৰি সংগ্ৰহত বাধা দিয়াৰ লগতে প্ৰহাৰ কৰে। মই নাজানো তেওঁলোকে কিয় এনে কাম কৰিলে।’



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Y080J5
via IFTTT

Comments