৮০০৪৬০০ কোটি টকীয়া প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ…

ডিজিটেল সংবাদ, ওৰাং: ওৰাং পথ উপ সংমণ্ডলৰ অধীনত একাংশ গড়কাপ্তানী পথ নিৰ্মাণত দুৰ্নীতি আৰু ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। পথ নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত গড়কাপ্তানী বিভাগ। ওৰাং পথ উপ সংমণ্ডলৰ অন্তৰ্গত ৮ কোটি টকীয়া পথৰ নিৰ্মাণ কাৰ্যত ব্যাপক বিসংগতি। ওৰাং দলগাঁৱৰ পৰা এন, এছ, ৫২ হৈ উত্তৰ চুবা সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মানৰ নামত চলিছে অনিয়ম। ১১.৬৮০ কিলোমিটাৰ দৈঘ্যৰ পথচোৱা নিৰ্মাণ সম্পুৰ্ণ নৌহওঁতেই পথৰ মাজত মিলিছে চিৰাল ফাট। নিৰ্মাণৰ এমাহৰ পিছতে এতিয়া পথটোৰ মাজত এনেদৰে মেলিছে চিৰাল ফাট।
বিভাগৰ প্ৰাক্ কলণ নামানি ঠিকাদাৰ ৰঞ্জন বসুমতাৰীয়ে নিজৰ মইমতালি আৰু নিম্নমানৰ কামৰ বাবেই প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথটো নিমাৰ্ণৰ পাছতেই এনেদৰে ফাট মেলাৰ অভিযোগ ৰাইজৰ। অসম চৰকাৰৰ গ্ৰাম্য উন্নয়ণ মন্ত্ৰনালয়ৰ আবণ্টিত প্ৰকল্পৰ পুঁজিৰে ওৰাং দলগাওঁ পথৰ পৰা এন, এছ ৫২ হৈ উত্তৰ চুবা সংযোগী পথটোৰ নিৰ্মাণৰ কাম চলি আছে। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা ১১.৬৮০ কিলোমিটাৰ দৈঘ্যৰ পথটোৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছে ৰঞ্জন বসুমতাৰী নামৰ এজন ঠিকাদাৰে। এন এছ ২৬-২৫৬ পেকেজ নম্বৰৰ পথটোৰ কাম আৰাম্ভ কৰাৰ তাৰিখ আছিল ২৯ ছেপ্তেম্বৰ ২০২০ আৰু পথটোৰ নিৰ্মাণৰ কাম শেষ কৰাৰ তাৰিখ আছিল ২৯ জুলাই ২০২১ কিন্তু বৰ্তমানলৈকে সম্পূৰ্ণ নহ’ল পথটোৰ নিৰ্মাণৰ কাম।
সৰ্বমুঠ ৮০০৪৬০০ টকা ব্যয়েৰে নিৰ্মাণ কৰা পথটোৰ অৱস্থা এতিয়া পুতৌলগা। মাজৰ চুবা অঞ্চলত পথটোৰ নিমাৰ্ণ কৰা অংশত মাথোঁ এটা মাহ পাৰ নৌহওঁতেই চিৰাল ফাট মেলিছে। কেইবা কোটি টকীয়া পথটোৰ এনে বিধ্বস্ত ৰূপত ক্ষোভিত এতিয়া স্থানীয় ৰাইজ। ইফালে পথৰ দুয়োকাষে চাইড বাম, মেটেলৰ সলনি নিম্নমানৰ চেণ্ডগ্ৰেভেল ব্যৱহাৰ কৰাৰ লগতে ক্ৰেছাৰ চিপচৰ সলনি নিম্নমানৰ নদীৰ শিল ব্যৱহাৰ কৰি পথটো নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাক্ কলণ আৰু বিভাগৰ পদ্ধতিক অংগুষ্ঠ প্ৰৰ্দশন কৰি অভিযন্তা আৰু ঠিকাদাৰে বুজা-বুজিৰ মাজেৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথটো নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।
ৰাইজৰ অভিযোগ মতে পথটোৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়ত কাম পৰিদৰ্শনৰ বাবে উপস্থিত নহয় গড়কাপ্তানী বিভাগৰ কোনো লোক। সেয়ে ঠিকাদাৰ আৰু মহৰীৰ নিজ খেয়াল-খুচি মতে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথটো নিৰ্মাণ কৰাৰ বাবে পথটোৰ ভিন্ন অংশত চিৰাল ফাট মেলাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি পথটো নিৰ্মাণ কৰাত তীব্ৰ অসন্তুোষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। নিম্নমানৰ চিমেন্ট, বালি ব্যৱহাৰ কৰাৰ লগতে পথটোৰ ওপৰত নিৰ্মাণৰ পিছত ধান খেৰ পাৰি পানী নঢলাৰ বাবেই নিৰ্মাণৰ এমাহৰ পিছতে পথটো চিৰাল ফাট মেলাৰ অভিযোগ ৰাইজৰ।
ৰাইজৰ দাবী, অতি শীঘ্ৰেই ঠিকাদাৰ ৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক গড়কাপ্তানী বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষই। উল্লেখযোগ্য যে, পথটোৰ কাম পৰিচালনাকাৰী দায়িত্ব আছিল কাৰ্য্যবাহী অভিযন্তা ওদালগুৰি পথ ও গৃহ সংমণ্ডলৰ। ইফালে পথটোৰ কামৰ তদাৰকী বিষয়া হিচাপে নিয়োজিত অভিযন্তা আৰু ওৰাং গ্ৰাম্য পথ উপ সংমণ্ডলৰ সহ কাৰ্যবাহী অভিযন্ত্ৰা গনেশ চন্দ্ৰ ডেকাই পথটোৰ নিৰ্মাণৰ কাম ভালদৰে চোৱা চিতা নকৰাৰ অভিযোগ ৰাইজৰ। দুৰ্নীতি মুক্ত অসম আৰু শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লোকনিৰ্মান বিভাগতেই সংঘটিত এনে বিসংগতিপূৰ্ণ কামৰ বাবে ঠিকাদাৰ আৰু বিভাগীয় বিষয়াৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হ’ব লক্ষণীয়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BcMHlN
via IFTTT
Comments
Post a Comment